ভাৰতত নিৰীক্ষণ ব্যৱস্থাৰ ওপৰত নিয়ন্ত্ৰণমূলক নিৰীক্ষণ কঠোৰ হোৱাৰ মাজতে গোড্ৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপৰ ছিকিউৰিটি ছলিউচনছ বিজনেছ শাখাৰ ব্যৱসায়িক মুৰব্বী  পুষ্কৰ গোখলেই কয় যে, শেহতীয়া এই পদক্ষেপে দেশৰ নিৰাপত্তা উদ্যোগৰ বাবে এক গুৰুত্বপূৰ্ণ টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হৈছে। এক বিবৃতিত গোখলে উল্লেখ কৰে যে চিচিটিভি-ৰ দৰে স্পৰ্শকাতৰ শ্ৰেণী, য’ত তথ্য সুৰক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটোও জড়িত হৈ আছে, সেয়েহে বিশ্বাস আৰু দায়বদ্ধতা ঐচ্ছিক হ’ব নোৱাৰে।”  তেওঁ উল্লেখ কৰে যে, ভাৰতীয় ব্ৰেণ্ডসমূহে স্থানীয় নিয়মাৱলীৰ সৈতে সংগতি ৰাখি তথ্য সুৰক্ষা প্ৰথা শক্তিশালী কৰাৰ লগতে সামগ্ৰীৰ মানদণ্ড আৰু সেৱাৰ সমৰ্থন ধাৰাবাহিকভাৱে বজাই ৰাখি বিশ্বাসযোগ্যতা অৰ্জন কৰিছে।

এই পদক্ষেপ এনে এক সময়ত লোৱা হৈছে যেতিয়া তথ্যৰ দুৰ্বলতা আৰু যোগান শৃংখলাত স্বচ্ছতাৰ বিষয়ে উদ্বেগ ক্ৰমান্বয়ে বৃদ্ধি পাইছে।  গোখলেই গুৰুত্ব আৰোপ কৰি কয় যে, আধুনিক সুৰক্ষা সমাধানবোৰ এতিয়া মৌলিক নিৰীক্ষণৰ উৰ্ধ্বলৈ গৈছে, যিয়ে উদ্যোগটোৰ এক বিস্তৃত পৰিৱৰ্তনক প্ৰতিফলিত কৰে। ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইনখনৰ অধীনত বিকশিত হোৱা ফ্ৰেমৱৰ্কৰ বিষয়ে আঙুলিয়াই দিয়ে, যিয়ে ব্যৱহাৰকাৰীৰ সন্মতি মুক্ত, অৱগত আৰু নিৰ্দ্বিধায় হ’ব লাগিব বুলি নিৰ্দেশ দিয়ে। নিৰীক্ষণ ব্যৱস্থাপ্ৰণালীত সংস্থাসমূহক তথ্য কেনেকৈ সংগ্ৰহ, সংৰক্ষণ আৰু ব্যৱহাৰ কৰে সেই বিষয়তো স্বচ্ছ হোৱাৰ প্ৰয়োজন।

কোম্পানীটোৰ স্থিতি সুদৃঢ় কৰি গোখলে কয় যে, গোড্ৰেজে দীৰ্ঘম্যাদী সুৰক্ষা আৰু গ্ৰাহকৰ আস্থা নিশ্চিত কৰাৰ লক্ষ্যৰে নিৰ্ভৰযোগ্য, দায়িত্বশীল আৰু ভাৰতকেন্দ্ৰিক সুৰক্ষা সমাধান প্ৰদান কৰাত মনোনিৱেশ কৰি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *