বহু-ব্যৱসায়িক নিগম আৰু এফএমচিজিৰ এক আগশাৰীৰ গোট ধৰমপাল সত্যপাল গ্ৰুপ(ডিএছ গ্ৰুপ)ৰ অন্যতম প্ৰধান ব্ৰেণ্ড কেচ্চ স্পাইচেছে বলীউডৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰ আৰু ৰাজপাল যাদৱক লৈ দুটা নতুন টেলিভিছন বিজ্ঞাপন মুকলি কৰাৰ কথা ঘোষণা কৰিছে। নতুন অভিযানৰ লক্ষ্য হৈছে আকৰ্ষণীয় আৰু হাস্যৰসেৰে ভৰা আখ্যানৰ জৰিয়তে ব্ৰেণ্ডটোৰ “কিউকি খানা চিৰ্ফ খানা নহী হোটা” (খাদ্য কেৱল খাদ্যই নহয়, বহু উৰ্ধ্বত)ৰ স্থান আৰু অধিক শক্তিশালী কৰা। ডেণ্টছু ইণ্টাৰনেচনেলৰ ধাৰণাৰে প্ৰস্তুত কৰা এই টিভিচি ক্ৰ’ম পিকচাৰ্ছ লিমিটেডৰ হেমন্ত ভাণ্ডাৰীয়ে পৰিচালনা কৰিছে।

কেচ্চ টাৰ্মাৰিক আৰু কেচ গৰাম মচলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা নতুন টিভিচিয়ে ব্ৰেণ্ডৰ গুৰুত্ব শক্তিশালী কৰা আৰু পৰিয়াল তথা বন্ধুবৰ্গক একত্ৰিত কৰাৰ লগতে ৰান্ধনীৰ অভিজ্ঞতা বৃদ্ধি কৰাত কেচ্চ মচলাই লোৱা অনন্য ভূমিকা উপস্থাপন কৰিছে। ডিএছ গ্ৰুপৰ মচলা বিভাগৰ ব্যৱসায়িক মুৰব্বী সন্দীপ ঘোষে এই বিষয়ে সদৰি কৰি কয় যে, “আমি অক্ষয় কুমাৰ আৰু ৰাজপাল যাদৱৰ সৈতে নতুন কেচ্চ টিভিচি মুকলি কৰিবলৈ পাই যথেষ্ট উত্সাহী হৈ আছোঁ।”

“ভাৰতীয় পাকঘৰৰ সমাৰ্থক ডিএছ গ্ৰুপ ব্ৰেণ্ড কেচ্চ চল্টছ এণ্ড স্পাইচেছৰ সৈতে মোৰ সম্পৰ্কৰ নবীকৰণ কৰিবলৈ পাই মই অতিশয় আনন্দিত হৈছোঁ। ‘খানা চিৰ্ফ খানা নহী হোটা’ৰ দৰ্শন মোৰ সৈতেও গভীৰভাৱে অনুৰণিত হয়।” অক্ষয় কুমাৰে এইদৰে ব্যক্ত কৰে নিজৰ অনুভৱ। কেচ স্পাইচেছ শেহতীয়াকৈ ১০০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰিছে। যোৱা দুবছৰত বছৰৰ পিছত বছৰ ধৰি ২৪ শতাংশৰ আকৰ্ষণীয় বৃদ্ধিৰ হাৰ লাভ কৰা কেচ্চ স্পাইচেছে নিজৰ বৃদ্ধিৰ সম্ভাৱনাক লৈ আশাবাদী হৈ আছে প্ৰতিষ্ঠানটো।

Leave a Reply

Your email address will not be published. Required fields are marked *