এই মাতৃ দিৱসত কেয়াৰ হেল্থ ইঞ্চুৰেন্সে বিশ্বজুৰি মহিলাসকলৰ বাবে জৰুৰী স্বাস্থ্যজনিত বিষয় স্তন কেন্সাৰৰ বিষয়ে সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কেৱল দক্ষিণ-পূব এছিয়াতে ২০৪০ৰ ভিতৰত স্তন কেন্সাৰৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ৬১.৭% লৈ বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে, যাৰ বাবে এই ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ সক্ৰিয় পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। কেয়াৰ হেল্থ ইঞ্চুৰেন্সে দেশৰ মহিলাসকলৰ, বিশেষকৈ ২৫-৫৯ বছৰ বয়সৰ মহিলাসকলৰ স্তন কেন্সাৰ আগতীয়াকৈ ধৰা পেলোৱাত গুৰুত্ব আৰোপ কৰিছে, যাতে মহিলাসকলৰ সুস্বা স্বাস্থ্য আৰু শীঘ্ৰে আৰোগ্য হোৱাটো নিশ্চিত হয়, কিয়নো আজিৰ তাৰিখত সমগ্ৰ দেশত স্তন কেন্সাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু গুণগত স্বাস্থ্যসেৱাৰ সুলভতা নিশ্চিত কৰিছে। কেয়াৰ হেল্থ বীমাৰ মুৰব্বী অজয় শ্বাহে নিজৰ অভিমত ব্যক্ত কৰি কয় যে, “স্তন কেন্সাৰৰ চিকিৎসাৰ বাবে আগতীয়াকৈ ৰোগ চিনাক্তকৰণ আৰু সঠিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো আমি ভালদৰে উপলব্ধি কৰোঁ। এনে প্ৰেক্ষাপটত এই কথা নিশ্চিত কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে যে আমি এনে সামগ্ৰী প্ৰদান কৰোঁ যিবোৰ সকলোৰে বাবে সহজে উপলব্ধ আৰু সুলভ হয়।” কেয়াৰ হেল্থ ইঞ্চুৰেন্সে বিভিন্ন প্ৰয়োজনীয়তা থকা লোকসকলৰ বাবে সামগ্ৰিক স্বাস্থ্য বীমা সামগ্ৰী আগবঢ়াই আহিছে, যাৰ ভিতৰত আছে পূৰ্বৰে পৰা চলি থকা চিকিৎসাজনিত কাৰক, গুৰুতৰ ৰোগ আৰু জৰুৰীকালীন অৱস্থাত নগদবিহীন চিকিৎসাৰ বাবে সমৰ্থন ইত্যাদি। কভাৰেজ প্ৰদানৰ বাবে থকা বিকল্পবোৰৰ ভিতৰত আছে ৩০ দিনৰ প্ৰাক-চিকিৎসালয়ত ভৰ্তি হোৱা(প্ৰি-হস্পিটেলাইজেচন), চিকিৎসালয়ত ভৰ্তি হোৱাৰ ৬০ দিন(পোষ্ট হস্পিটেলাইজেচন) আৰু ঘৰুৱা(ডমিচিলিয়াৰী) চিকিৎসালয়ত ভৰ্তি হৈ চিকিত্সা গ্ৰহণ ইত্যাদি। এই কোম্পানীটোৱে স্বয়ংক্ৰিয় ৰিচাৰ্জ আৰু কোনো বোনাচ ক্লেইম নকৰাকৈ আয়ুষৰ দৰে বৈকল্পিক চিকিৎসা প্ৰদান কৰে। Share this:FacebookX Related Post navigation টাটা মটৰ্ছৰ টাটা এছ ইভি ১০০০ উন্মোচন, ইলেক্ট্ৰিক লাষ্ট-মাইল মবিলিটী অফাৰৰ সম্প্ৰসাৰণ পৰিৱেশ অনুকূল পৰিবহনৰ বাবে ফ্লিপকাৰ্ট আৰু বাজাজ অটোৰ সহযোগিতা