১৪ নৱেম্বৰত বিশ্ব ডায়েবেটিছ দিৱস চমু চাপি অহাৰ লগে লগে স্বাস্থ্য বিশেষজ্ঞসকলে ভাৰতীয়সকলক নিজৰ নিজৰ দৈনন্দিন খাদ্য তালিকাত কেলিফৰ্ণিয়া আলমণ্ডৰ দৰে পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে যাতে শৰীৰৰ তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায়ক হয়। এই বছৰৰ বিষয়বস্তু “কৰ্মক্ষেত্ৰত ডায়েবেটিছ”ত মধুমেহ ৰোগ ফলপ্ৰসূভাৱে পৰিচালনা কৰিবলৈ সজাগতা আৰু সহায়ক পৰিৱেশৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হৈছে। প্ৰটিন সমৃদ্ধ, কম চৰ্বিযুক্ত, আঁহযুক্ত আৰু ১৫ বিধ অত্যাৱশ্যকীয় পুষ্টিৰে ভৰপুৰ আলমণ্ড গ্লুকজ নিয়ন্ত্ৰণ উন্নত কৰাৰ বাবে খাবলৈ পৰামৰ্শ দিয়া হয়, বিশেষকৈ টাইপ ২ ডায়েবেটিছ আৰু প্ৰি-ডাইবেটিছ থকা লোকসকলৰ বাবে এই পৰামৰ্শ দিয়া হয় । নতুন দিল্লীৰ ফৰ্টিছ-চি-ডিঅ’চিৰ ডাঃ অনুপ মিশ্ৰৰ নেতৃত্বত কৰা অধ্যয়নত দেখা গৈছে যে গুৰু আহাৰ খোৱাৰ পূৰ্বে আলমণ্ড সেৱনে প্ৰিডাইবেটিছ আৰু মেদবহুলতা থকা এছিয়ান ভাৰতীয়সকলৰ ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ যথেষ্ট সহায় কৰে। পুষ্টি বিশেষজ্ঞ শীলা কৃষ্ণস্বামীয়ে গুৰুত্ব আৰোপ কৰি কয় যে, আলমণ্ডৰ সৈতে দিনটো আৰম্ভ কৰিলে তৃপ্ততা, শক্তিৰ স্তৰ আৰু সংসাধিত খাদ্যৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰে, আনহাতে মেক্স হেলথকেয়াৰৰ ঋত্বিকা সমাদ্দাৰে লগতে কয় যে, আলমণ্ডে কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্যৰ ৰক্ত শৰ্কৰাৰ প্ৰভাৱ হ্ৰাস কৰাত সহায় কৰে। গুৱাহাটীৰ স্থানীয় খুচুৰা বিক্ৰেতাসকলে বিশ্ব ডায়েবেটিছ দিৱসৰ পূৰ্বে কেলিফৰ্ণিয়া আলমণ্ডৰ বৰ্ধিত চাহিদাৰ কথা প্ৰকাশ কৰিছে। স্বাস্থ্য সচেতন গ্ৰাহকসকলে দৈনিক জলপান আৰু উপাদান হিচাপে আলমণ্ড ক্ৰমান্বয়ে বিচাৰিবলৈ আৰম্ভ কৰিছে, যোৱা মাহত ছুপাৰ মাৰ্কেট আৰু কিৰানা ষ্টৰসমূহত ক্ৰয়ৰ ক্ষেত্ৰত উল্লেখযোগ্য বৃদ্ধি দেখা গৈছে। বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী সোহা আলী খান আৰু আয়ুৰ্বেদ বিশেষজ্ঞ মধুমিতা কৃষ্ণনেও সামগ্ৰিক স্বাস্থ্যৰ ক্ষেত্ৰত আলমণ্ডৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি সুষম খাদ্য আৰু জীৱনশৈলীৰ অনুশীলনত ইয়াৰ মূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দৈনিক খাদ্যতালিকাত আলমণ্ড অন্তৰ্ভুক্ত কৰাটো দেশজুৰি উন্নত ডায়েবেটিছ ব্যৱস্থাপনাৰ দিশত এক সহজ, ফলপ্ৰসূ পদক্ষেপ হিচাপে আত্মপ্ৰকাশ কৰিছে। Share this:FacebookX Related Post navigation গুৱাহাটীত উপস্থিত হৈছে ইণ্ডিয়া ৰিচাৰ্চ ট্যুৰ ২০২৫, উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি কৰিছে গৱেষণা আৰু সৰ্বাংগীনতা এই জলকীয়া আপোনাৰ স্বাস্থ্যৰ বাবেও কিমান উপকাৰী?