বহু প্ৰত্যাশিত এখন অসমীয়া ছবি ‘চিকাৰ’। জুবিন গাৰ্গৰ সংগীত পৰিচালনা আৰু অভিনয়েৰে ৰ মুকলিৰ বাবে সাজু অসমীয়া চলচ্চিত্ৰ চিকাৰ । লণ্ডনৰ প্ৰয়োজক ছেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্য , দেবাঙ্কৰ বৰগোহাঁইৰ কাহিনী আৰু পৰিচালনাৰে লগতে বিষ্ণুজ্যোতি সন্দিকৈৰ চিত্ৰনাট্য আৰু সংলাপেৰে “চিকাৰ” ছবিখন এতিয়া সাজু হৈ উঠিছে মুক্তিৰ বাবে । অহা ২০ চেপ্তেম্বৰ ত ছবি গৃহীত মুক্তি লাভ কৰিব অপেক্ষাগত ছবি ‘চিকাৰ ‘। ছবিখনৰ কাহিনীভাগ চাহ বাগানত কাম কৰা মজদুৰসকলৰ জীৱন, সংগ্ৰাম তথা মহিলাসকলৰ প্ৰতি কৰা অত্যাচাৰ সমূহক কেন্দ্ৰ কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে “চিকাৰ”। হাৰ্টথ্ৰব জুবিন গাৰ্গক আকৌ এবাৰ নতুন ৰূপত পৰ্দাত চিকাৰৰ জড়িয়তে দেখিব পাব দৰ্শকে । চিকাৰ’ৰ মুখ্য চৰিত্ৰত চাহ বাগানীয়া যুৱক হিচাপে দেখিবলৈ পোৱা যাব জুবিন গাৰ্গক । এটি মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী উৰ্মিলা মহন্তই । লগতে অভিনয় কৰিছে বিশিষ্ট অভিনেতা আদিল হুছেইন, সিদ্ধাৰ্থ শৰ্মা, অন্তৰীক্ষ চহৰীয়া, ধ্যানী মোহন, যতীন খনিকৰ, সঞ্জীৱ বুঢ়াগোঁহাইকে ধৰি কেইবাগৰাকী জনপ্ৰিয় অভিনেতা – অভিনেত্ৰীয়ে । এই ছবিখনৰ অসমৰ লগতে লণ্ডনৰো বহু কেইটা ঠাইত ইয়াৰ শ্বুটিং কৰা হৈছে । য’ত দৰ্শকে বিচাৰি পাব নতুনত্ব। ছবিখনক লৈ আশাবাদী ‘চিকাৰ’ ছবিখনৰে জড়িত প্ৰতিজন সদস্য। Share this:FacebookX Related Post navigation গড্ৰেজ প্ৰফেচনেলে ভাৰতৰ প্ৰথম চুলিৰ ৰঙৰ পৰিসৰ উন্মোচন কৰে নকল টকাক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা