বিশ্বব্যাপী বিলিয়নেয়াৰৰ সম্পত্তি ২০২৪ চনত ২০০০ আমেৰিকান ডলাৰ বৃদ্ধিৰে ১৫,০০০ আমেৰিকান ডলাৰ হৈছে, যি ২০২৩ চনৰ তুলনাত তিনিগুণ অধিক। এই কথা ‘অক্সফাম ইণ্টাৰনেচনেল’ৰ দ্বাৰা বিশ্বব্যাপী বৈষম্যৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে।

বিশ্ব অৰ্থনৈতিক মঞ্চৰ (ডব্লিউইএফ) বাৰ্ষিক সভাৰ কেইঘণ্টামান আগতে সোমবাৰে ‘টেকাৰছ, নট মেকাৰছ’ শীৰ্ষক প্ৰতিবেদনখন ৰাজহুৱা কৰা হয়। অক্সফাম ইণ্টাৰনেচনেলে বিলিয়নেয়াৰৰ সম্পদৰ বৃদ্ধিক ১৯৯০ চনৰ পৰা বিশেষ পৰিৱৰ্তন নোহোৱা দৰিদ্ৰতাত বাস কৰা লোকৰ সংখ্যাৰ সৈতে তুলনা কৰিছিল।

অক্সফামে কয় যে ২০২৪ চনত, এছিয়াত বিলিয়নেয়াৰৰ সম্পদ ২৯৯ বিলিয়ন আমেৰিকান ডলাৰ বৃদ্ধি হৈছে। ২০২৪ চনত, ২০৪ জন নতুন লোকে বিলিয়নেয়াৰৰ তালিকাত যোগদান কৰে। এই বছৰ এছিয়াৰ পৰা মাত্ৰ ৪১ জন নতুন বিলিয়নেয়াৰ তালিকাত যোগদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *