অসম-মিজোৰাম সীমান্তৰ সংৰক্ষিত বনাঞ্চলত চৰকাৰী ভূমিত চলি থকা দীৰ্ঘদিনীয়া বেদখল উচ্ছেদ কৰিবলৈ সোমবাৰে হাইলাকান্দি জিলা প্ৰশাসনে এক বৃহৎ অভিযান আৰম্ভ কৰিছে। ঘৰমুৰা বন সংমণ্ডলৰ অধীনস্থ দামচেৰা অঞ্চলৰ প্ৰায় ২৮০০ বিঘা বনভূমি উদ্ধাৰৰ লক্ষ্যৰে চলোৱা এই অভিযানে সমগ্ৰ জিলাখনতে এক তীব্ৰ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিছে। মিজোৰাম সীমান্তৰ এই স্পৰ্শকাতৰ অঞ্চলটোত সোমবাৰে পুৱাৰে পৰা প্ৰায় ১৫০ খন বুলড’জাৰ আৰু ১৫০০ সশস্ত্ৰ বাহিনীৰ উপস্থিতিত উচ্ছেদ কাৰ্য আৰম্ভ হয়। জিলা প্ৰশাসনে জনোৱা অনুসৰি, এই উচ্ছেদ অভিযানে ৫১৬ টা পৰিয়ালক প্ৰভাৱিত কৰিছে যদিও বহু পৰিয়ালে অভিযানৰ পূৰ্বেই নিজৰ সা-সম্পত্তি লৈ স্থান ত্যাগ কৰে। প্ৰথম দিনৰ কাৰ্যসূচীত মূলতঃ বনভূমিত অবৈধভাৱে গঢ়ি তোলা তামোল বাগানসমূহ ধ্বংস কৰাত গুৰুত্ব আৰোপ কৰা হয়। মুঠ সাতটা ছেক্টৰত বিভক্ত কৰি আৰম্ভ কৰা এই অভিযানত প্ৰথম দিনা তিনিটা ছেক্টৰ সম্পূৰ্ণ কৰা হয়। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ জিলা দণ্ডাধীশ অভিষেক জৈনে সমগ্ৰ জিলাখনতে ৫ ফেব্ৰুৱাৰীলৈকে ১৬৩ ধাৰা জাৰি কৰিছে। হাইলাকান্দিৰ বিভাগীয় বন বিষয়া অখিল দত্তই কয় যে এমাহ পূৰ্বেই বেদখলকাৰীসকলক উচ্ছেদৰ জাননী দিয়া হৈছিল। যদিও একাংশ লোকে নথি-পত্ৰ দাখিল কৰিছিল, কিন্তু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা স্বত্বেও কোনো এজনো লোকে সংৰক্ষিত বনভূমিৰ ওপৰত নিজৰ আইনী অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিলে। বন বিষয়াগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এই অভিযান আইন অনুসৰিয়েই চলোৱা হৈছে আৰু ৪ ফেব্ৰুৱাৰীলৈকে এই কাৰ্যসূচী অব্যাহত থাকিব। আনহাতে, স্থানীয় সমাজকৰ্মী আৰু কাটলিচেৰাৰ বিধায়ক সুজাম উদ্দিন লস্কৰে উচ্ছেদৰ ফলত গৃহহীন হোৱা পৰিয়ালসমূহৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি সহায়ৰ আহ্বান জনাইছে। উচ্ছেদিত একাংশই ১৯৬৫ চনৰে পৰা সেই মাটিত বসবাস কৰি থকা বুলি দাবী কৰিছে যদিও প্ৰশাসনে বনভূমি উদ্ধাৰৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বৰ্তমান দামচেৰা অঞ্চলত বন বিভাগ, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ কটকটীয়া পহৰা মোতায়েন কৰা হৈছে। Share this:FacebookX Related Post navigation কলিয়াবৰত বন্যহস্তীৰ সন্ত্ৰাস! এইবাৰ বনৰীয়া হাতীৰ গছকত মহিলাৰ মৃত্যু ৰায়দানত বিলম্ব হোৱা কাৰ্য এক পৰিচিত ব্যাধি, এই ব্যাধি নির্মূল হোৱাটো জৰুৰীঃ উচ্চতম ন্যায়ালয়