বিগত কিছুদিনত ভাৰত–বাংলাদেশ সীমান্তত অনুপ্ৰৱেশৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। সীমান্তত নিয়োজিত ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে বাৰে বাৰে বাধা দিছে বাংলাদেশী অনুপ্ৰৱেশকাৰীক।এইবাৰ সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা চলাই বি এছ এফৰ হাতত ধৰা পৰিছে বাংলাদেশৰ এজন প্ৰাক্তন সেনা বিষয়া। এই বিষয়াজনক আফ্ৰুজ্জামান বুলি চিনাক্ত কৰা হৈছে। বাংলাদেশৰ পূৰ্বৰ হাছিনা চৰকাৰৰ সেনা সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল আফ্ৰুজ্জামানে। প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অবৈধভাৱে সীমান্ত পাৰ হৈ ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰাৰ চেষ্টা চলাওঁতেই তেওঁ ধৰা পৰে।সীমান্তত নিয়োজিত বি এছ এফৰ দলে সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰা সময়তে আফ্ৰ’ জামানক কৰায়ত্ব কৰে। শ্বেখ হাছিনা চৰকাৰৰ সেনা সচিব জামানে ইউনুছ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত সাতখিৰা জিলাত আত্মগোপন কৰি আছিল। Share this:FacebookX Related Post navigation ভংগ হ’ল ভাৰতীয় ক্ৰিকেটৰ আন এক দেৱাল ইউটিউবত ডিজিটেল স্ক্রীণ এৱাৰ্ডছৰ আয়োজন