৯ বছৰৰ অন্তত জুনিয়ৰ হকী বিশ্বকাপত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰে। জুনিয়ৰ দলটোৱে অন্তিম ১১ মিনিটত চাৰিটা গ’ল দি ২০২১ চনৰ চেম্পিয়ন আৰ্জেণ্টিনাক ৪-২ গ’লত পৰাস্ত কৰে।দুবাৰৰ বিশ্ব চেম্পিয়ন ভাৰতীয় দলটোৱে (হোবাৰ্ট ২০০১ আৰু লক্ষ্ণৌ ২০১৬) শেষবাৰৰ বাবে ২০১৬ চনত পদক লাভ কৰিছিল।বিগত দুবাৰকৈ ব্ৰঞ্জৰ পদক মেচত পৰাস্ত হৈ চতুৰ্থ স্থান দখল কৰিছিল দলটোৱে। তৃতীয় কোৱাৰ্টাৰলৈ দুটা গ’ল পিছ পৰি থকা ভাৰতে এক উল্লেখযোগ্য প্ৰত্যাৱৰ্তন কৰে। অন্তিম ১১ মিনিটত টিম ইণ্ডিয়াই দ্ৰুতগতিত একেৰাহে চাৰিটা গ’ল দিয়ে। ভাৰতৰ হৈ অংকিত পাল (৪৯ নম্বৰ), মনমীত সিং (৫২ নং), শাৰদানন্দ তিৱাৰী (৫৭ নং), আৰু অনমোল এক্কাই (৫৮ নং) গ’ল দিয়ে। আৰ্জেণ্টিনাৰ হৈ নিকোলাছ ৰড্ৰিগেজে ৫ মিনিট আৰু ছান্টিয়াগো ফাৰ্নাণ্ডেজে ৪৪ মিনিট গ’ল দিয়ে। ব্ৰঞ্জৰ পদক জয়ৰ পিছত হকী ইণ্ডিয়াই জুনিয়ৰ টিম ইণ্ডিয়াৰ প্ৰতিজন খেলুৱৈক ৫ লাখ টকাৰ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰে। তদুপৰি হকী ইণ্ডিয়াইও সহায়ক কৰ্মচাৰীৰ বাবে ২.৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে। Share this:FacebookX Related Post navigation এদিনীয়া বেটিং ৰেংকিঙৰ দ্বিতীয় স্থানত বিৰাট কোহলী, শীৰ্ষত ৰোহিত কলকাতাত উপস্থিত লিয়নেল মেছি