ভাৰতে ২০৩০ চনৰ ভিতৰত মেলেৰিয়ামুক্ত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰ ওচৰ চাপি অহাৰ লগে লগে ইএমবিইডি (মহৰ দ্বাৰা হোৱা স্থানীয় ৰোগ নিৰ্মূল)-এ ভাৰতৰ ৩খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, আৰু উত্তৰ প্ৰদেশত মেলেৰিয়া আৰু ডেংগুৰ ৰোগীৰ সংখ্যা যথেষ্ট হ্ৰাস কৰা বুলি প্ৰমাণিত হৈছে। ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বই কেনেদৰে জীৱন ৰক্ষা কৰিব পাৰে, জীৱিকা সুৰক্ষিত কৰিব পাৰে আৰু মেলেৰিয়া মুক্ত ৰাষ্ট্ৰৰ দিশত ভাৰতৰ অভিযান ত্বৰান্বিত কৰিব পাৰে তাৰ এক শক্তিশালী উদাহৰণ আৰু এক সাজু আৰ্হি হিচাপে  ইএমবিইডি মেলেৰিয়া নিৰ্মূল কাৰ্যসূচীৰ উদ্ভৱ হৈছে। ইএমবিইডি কাৰ্যসূচীৰ ১০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়, য’ত চৰকাৰী জ্যেষ্ঠ বিষয়া, স্বাস্থ্য সংস্থাৰ প্ৰতিনিধি আৰু ৩খন ৰাজ্যত কাৰ্যসূচী ৰূপায়ণত সহায় কৰা গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড (জিচিপিএল)ৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ফেমিলী হেল্থ ইণ্ডিয়াৰ এনজিঅ’, শিক্ষক আৰু আশা কৰ্মীসকলক উদযাপন কৰা হয় যিসকলে দুৰ্গম বনাঞ্চল আৰু গাঁওসমূহত উপস্থিত হৈ পৰিয়ালসমূহক ৰোগমুক্ত জীৱন যাপন কৰাত সহায় কৰিবলৈ যত্ন আৰু সজাগতা প্ৰদান কৰি আহিছে।

ইএমবিইডি কাৰ্যসূচীৰ দহ বছৰীয়া মাইলৰ খুঁটিৰ ওপৰত ভিত্তি কৰি মেলেৰিয়া নিৰ্মূলকৰণ দ্ৰুত আৰু অধিক ফলপ্ৰসূ কৰিবলৈ দুটা নতুন ডিজিটেল প্লেটফৰ্ম — কমিউনিটী হেল্থ ভলণ্টিয়াৰ এপ আৰু চাপ্লাই চেইন এপ — সুবিধাযুক্ত প্ৰযুক্তি-চালিত পদক্ষেপ আৰম্ভ কৰা হৈছিল। গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছৰ অন্যতম ধ্বজাবাহী চিএছআৰ পদক্ষেপ ইএমবিইডি হৈছে ভাৰতত মেলেৰিয়া আৰু ডেংগুৰ ফলত সৃষ্টি হোৱা জৰুৰী প্ৰত্যাহ্বানসমূহক লক্ষ্য কৰি ৰূপায়ণ কৰি থকা এক বিদ্যমান কৌশলগত পদক্ষেপ। এই যাত্ৰাৰ কথা উল্লেখ কৰি গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ এমডি আৰু চিইঅ’ সুধীৰ সীতাপতিয়ে কয় যে,” যোৱা ১০ বছৰত, ইএমবিইডিৰ জৰিয়তে আমাৰ চিএছআৰ পদক্ষেপে দৃশ্যমান পৰিৱৰ্তন কঢ়িয়াই আনিছে আৰু মই আশা কৰ্মীসকল, স্বাস্থ্যকৰ্মীকে ধৰি ইয়াক সম্ভৱ কৰি তোলা স্থানীয় স্বেচ্ছাসেৱকসকললৈকে সকলোকে অভিনন্দন জনাইছোঁ।”  

২০১৫ চনত, মধ্যপ্ৰদেশত ১০০,০০০ৰো অধিক মেলেৰিয়াৰ সংক্ৰমণৰ খবৰ পোৱা গৈছিল, য’ত মাণ্ডলা আৰু ডিন্দোৰিৰ দৰে জনজাতীয় জিলাসমূহ আটাইতকৈ বেছি আক্ৰান্ত হৈছিল।  ইএমবিইডি পদক্ষেপে ২০১৫-২০২৫ চনৰ ভিতৰত মেলেৰিয়াৰ আক্ৰান্তৰ পৰিমাণ ৯৭% হ্ৰাস কৰিছে, যাৰ ফলত মধ্যপ্ৰদেশ প্ৰথমবাৰৰ বাবে নিম্ন সংক্ৰমণ হোৱা অঞ্চললৈ আহিবলৈ সক্ষম হৈছে। এক দশকৰ ধাৰাবাহিক প্ৰচেষ্টাৰে কেৱল মধ্যপ্ৰদেশত ১১ মিলিয়নৰো অধিক লোকৰ জীৱনলৈ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। ইএমবিইডি কাৰ্যসূচীৰ প্ৰভাৱৰ বিষয়ে সদৰি কৰি মধ্যপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰী ৰাজেন্দ্ৰ শুক্লাই কয় যে, “ভাৰতৰ ৰাষ্ট্ৰীয় মেলেৰিয়া নিৰ্মূল কাৰ্যসূচীৰ অধীনত আমি ২০৩০ৰ ভিতৰত দেশক মেলেৰিয়া মুক্ত কৰাৰ লক্ষ্য লৈছোঁ।  এই গুৰুত্বপূৰ্ণ অভিযানক সমৰ্থন কৰাৰ ক্ষেত্ৰত গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছে কৰা কামক মই ভূয়সী প্ৰশংসা কৰোঁ।”  ইয়াৰ সফলতা লক্ষ্য কৰি এই আৰ্হিটো উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰলৈ সম্প্ৰসাৰিত কৰা হয়, যাৰ ফলত ৩ মিলিয়নৰো অধিক পৰিয়াল আৰু ২৮ মিলিয়ন লোকৰ জীৱনলৈ পৰিৱৰ্তন আহে।  উত্তৰ প্ৰদেশত ২০১৯ চনত ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু জিচিপিএল-এ ইএমবিইডি আঁকোৱালি লৈছিল।  মহাৰাষ্ট্ৰত ২০২৩ চনত ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু জিচিপিএল-এ ইএমবিইডি গ্ৰহণ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *