অৱশেষত কংগ্ৰেছৰ হাত এৰি পদুমৰ শিবিৰত আশ্ৰয় ল’লে নলবাৰীৰ যুৱ নেতা ৰাতুল কলিতাই। টিকটৰ পৰা বঞ্চিত হৈ শনিবাৰে দলত্যাগ কৰা প্ৰাক্তন মুখপাত্ৰগৰাকীয়ে দেওবাৰে নলবাৰী জিলা বিজেপি কাৰ্যালয়ত আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰে। কংগ্ৰেছৰ মজিয়াত নিষ্ঠাবান কৰ্মীক অৱজ্ঞা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি কলিতাই বিজেপিৰ ‘জিন্দাবাদ’ ধ্বনিৰে নলবাৰীৰ আকাশ-বতাহ কঁপাই তোলে। বিজেপিত যোগদান কৰিয়েই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰি ৰাতুল কলিতাই কয়, “কংগ্ৰেছত প্ৰথমে নেতা, তাৰ পিছত নেতাৰ পুত্ৰ আৰু একেবাৰে শেষতহে দলীয় কৰ্মীৰ স্থান। সভাপতিগৰাকীয়ে নিজক এজন ৰজাৰ দৰে ভাবে আৰু আমাক লগুৱাৰ দৰে ব্যৱহাৰ কৰে। আনকি তেওঁ ইংৰাজী ক’ব নজনা মানুহৰ সৈতে কথা পাতিবলৈও কুণ্ঠাবোধ কৰে।” গৌৰৱ গগৈৰ ‘মিঞা প্ৰীতি’ক লৈ প্ৰশ্ন উত্থাপন কৰি তেওঁ লগতে অভিযোগ কৰে যে ৰকিবুল হুছেইনৰ দৰে একাংশ লোকৰ পৰামৰ্শতহে এতিয়া কংগ্ৰেছ দল পৰিচালিত হৈছে। ইফালে, কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা ভংগ হোৱা প্ৰসংগক লৈ তীব্ৰ কটাক্ষ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। যোগদান কাৰ্যসূচীত উপস্থিত থাকি তেওঁ কয়, “অখিল গগৈ আৰু গৌৰৱ গগৈ কেতিয়া একেলগ হয় আৰু কেতিয়া পৃথক হয়, সেই নাটখন আমি এতিয়া চাই আছো। গৌৰৱ গগৈৰ দাম্ভিকতাৰ বাবেই এই মিত্ৰতা সম্ভৱ নহ’ল। আমি মাথো এই নাটকৰ শেষৰ দৃশ্যটোলৈ অপেক্ষা কৰিছোঁ।” ৰাতুল কলিতাসহ কেইবাজনো সতীৰ্থক দললৈ আদৰণি জনাই মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিৰ উন্নয়নমুখী যাত্ৰাত এতিয়া সকলোৱে চামিল হ’বলৈ আগ্ৰহ প্ৰকাশ কৰিছে। Share this:FacebookX Related Post navigation দিল্লীত পুনৰ বৰ্ণবৈষম্যৰ চিকাৰ উত্তৰ-পূবৰ দুই যুৱতী; উদ্যানত ফুৰিবলৈ গৈ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি দিল্লীত উত্তৰ-পূবৰ যুৱতীৰ সৈতে অসদাচৰণ; কঠোৰ ব্যৱস্থা দাবী কৰিলে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে