নৱৰাত্ৰি উৎসৱ কাষ চাপি অহাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষৰ পৰিয়ালসমূহে ভক্তি আৰু অনুশাসনেৰ প্ৰোথিত বহুপ্ৰতীক্ষিত উপবাসৰ বাবে প্ৰস্তুতি চলাইছে। বিশেষজ্ঞসকলে জোৰ দি কয় যে, পুষ্টিকৰ উপাদানৰ সৈতে যোগ কৰিলে উপবাসে সুস্থতা অটুট ৰাখিব পাৰে। মেক্স হেল্থকেয়াৰৰ ডায়েটেটিক্স বিভাগৰ আঞ্চলিক মুৰব্বী ঋত্বিকা ছমাদ্দাৰে ন দিনীয়া উৎসৱৰ সময়ছোৱাত শক্তি আৰু সামগ্ৰিক স্বাস্থ্য বজাই ৰাখিবলৈ কেলিফৰ্নিয়া আলমণ্ড, চাবুদানা, কুট্টু (বাকহুইট) আৰু চমক চাউলৰ দৰে গোটা খাদ্যৰ ওপৰত গুৰুত্ব দিয়াৰ পৰামৰ্শ দিছে, সমান্তৰালভাৱে ৰিফাইন চেনি আৰু ভজা(ফ্ৰাইড) খাদ্যসমূহ পৰিহাৰ কৰিব লাগে।

আলমণ্ডক প্ৰটিন, স্বাস্থ্যকৰ চৰ্বি, ভিটামিন ই আৰু মেগনেছিয়াম প্ৰদানকাৰী ৰাতিপুৱাৰ সঠিক জলপান হিচাপে পৰামৰ্শ দিয়া হয়। সাধাৰণতে খিচিড়ি আৰু বড়া(পকৰি)ত ব্যৱহাৰ কৰা চাবুদানা সহজে হজম হয় আৰু দ্ৰুত শক্তি প্ৰদান কৰে।  গ্লুটেন-মুক্ত আৰু অধিক ফাইবাৰযুক্ত কুট্টু আটাই পাচনত সহায় কৰে আৰু শক্তিৰ স্তৰ স্থিৰ কৰি ৰাখে, আনহাতে চমক চাউলে পুলাও আৰু পায়সৰ বাবে নিয়মীয়া চাউলৰ পৰিৱৰ্তে এক পাতল, ভিটামিন সমৃদ্ধ বিকল্প প্ৰদান কৰে।

গুৱাহাটীতো নৱৰাত্ৰিৰ পূৰ্বে এই ব্ৰত-অনুকূল উপাদানসমূহৰ চাহিদা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে।  স্থানীয় বজাৰত আলমণ্ড, চাবুদানা আৰু কুট্টু আটাৰ দ্ৰুত বিক্ৰীৰ সংবাদ পোৱা গৈছে, যিয়ে চহৰখনৰ পৰম্পৰা উদযাপন আৰু বাসিন্দাসকলৰ মাজত বৰ্ধিত স্বাস্থ্য চেতনাৰ মিশ্ৰণক প্ৰতিফলিত কৰে।  খুচুৰা বিক্ৰেতাসকলে বিশেষকৈ উচ্চ মানদণ্ডৰ আলমণ্ড আৰু শক্তিবৰ্ধক মিলেটৰ বাবে শেষ মুহূৰ্তত হোৱা ব্যয় পৰিহাৰ কৰিবলৈ আগতীয়াকৈ ক্ৰয় কৰিবলৈ উৎসাহিত কৰে। এই নৱৰাত্ৰিত সচেতন উপাদানসমূহৰ সংযোগে ভক্তসকলক পুষ্টিৰ সৈতে আধ্যাত্মিক অনুশীলনৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰিছে, যিযে উপবাসক স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ সুযোগলৈ ৰূপান্তৰিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *