প্ৰতীক্ষাৰ অন্ত পৰিল। দক্ষিণ ভাৰতীয় ছবি জগতৰ আটাইতকৈ চৰ্চিত যুটী বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দানা। অৱশেষত আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হ’ল এই জনপ্ৰিয় যুটী বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দানা।উল্লেখ্য যে – ৰাজস্থানৰ উদয়পুৰত এই বিয়া তেলুগু আৰু কোডাভা দুয়োটা পৰম্পৰাৰে অনুষ্ঠিত হয় ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত তেলুগু পৰম্পৰাৰে অনুষ্ঠিত হোৱাৰ পৰিৱৰ্তে বিয়লি ভাগলৈ কোডাভা পৰম্পৰাৰে বিবাহ বহে দুয়ো ৷বিবাহৰ আনুষ্ঠানিকতাৰ পাছত তেওঁলোকে অহা ৪ মাৰ্চত হায়দৰাবাদত চলচ্চিত্র জগতৰ বন্ধু আৰু বিশিষ্ট ব্যক্তিসকলৰ বাবে এক বিশাল অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছে ৷ সামাজিক মাধ্যমত দুয়োৱে বিবাহৰ ফটো শ্বেয়াৰ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *