মনোৰঞ্জন জগতৰ বাবে আন এক বেয়া খবৰ। ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বলীউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ। ইয়াৰ পাছতে এতিয়া বলীউড জগতত শোকৰ ছাঁ পৰিছে।জানিব পৰা মতে, আজি পুৱাৰ ভাগত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, ঘৰৰ বাহিৰত এখন এম্বুলেন্সো দেখা গৈছিল। তাৰ পাছতে অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ আহে। অভিনেতাগৰাকীৰ মৃত্যুত এতিয়া বলীউড জগতৰ লগতে অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰিছে।ধৰ্মেন্দ্ৰৰ সম্পূৰ্ণ নাম আছিল ধৰ্ম সিং দেউল। ১৯৩৫ চনৰ ৮ ডিচেম্বৰত জন্ম লাভ কৰা ধৰ্মেন্দ্ৰ পৰৱৰ্তী সময়ত হৈ উঠিছিল এজন অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ। ধৰ্মেন্দ্ৰ চিনেমাৰ বাবে পৰিচিত। কিন্তু তেওঁৰ ৰাজনীতিতো আছিল বিশেষ টান। লোকসভা সমষ্টি বিকানেৰৰ পৰা সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ।চিনেমা জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ বহু পুৰষ্কাৰো লাভ কৰিছে। Share this:FacebookX Related Post navigation আজি লাচিত দিৱস কানাৰা ৰবেকো এচেট মেনেজমেণ্ট কোম্পানী লিমিটেডে অসমত ‘নিৱেশ বাছ যাত্ৰা’ আৰম্ভ কৰিছে