ধৰ্মেন্দ্ৰৰ মুম্বাইৰ ঘৰৰ বাহিৰত পাপাৰাজীৰ ভিৰ। বুধবাৰে পুৱা ব্ৰিচ কেণ্ডি হাস্পতালৰ পৰা ৰিলিজ দিয়া হয় বিশিষ্ট অভিনেতাজনক। কিন্তু ঘৰৰ বাহিৰত পাপাৰাজীৰ ভিৰ দেখি খঙত অগ্নিশৰ্মা হৈ উঠে পুত্ৰ ছানী দেউলে। কিন্তু কিয়?ছানীয়ে হাত জোৰ কৰি পাপাৰাজীক কয়, “ লাজ নালাগে নে আপোনালোকৰ , ঘৰত মা-দেউতা আছে, আপোনাৰ সন্তান আছে… লাজ নালাগে?সাধাৰণতে সংবাদ মাধ্যমৰ সৈতে ভদ্ৰ হৈ থকা অভিনেতাগৰাকীয়ে পাপাৰাজীসকলক দেখি খঙৰ লগতে আৱেগিক হৈ পৰে।শেহতীয়াকৈ ধৰ্মেন্দ্ৰক ব্ৰিচ কেণ্ডি হাস্পতালৰ পৰা ৰিলিজ দিয়া হৈছে, তেতিয়াৰ পৰাই ছানীয়ে তেওঁক পিতৃৰ সৈতে অনবৰত ব্যস্ত হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *