আজিৰ পৰা আৰম্ভ হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল, চমুকৈ BTCৰ শীতকালীন অধিৱেশন। পুনৰবাৰ BTC প্ৰধান হিচাপে হাগ্ৰামা মহিলাৰীৰ এয়া প্ৰথমখন অধিৱেশন। এই অধিৱেশনৰ আজি প্ৰথম দিনটোত অসম চৰকাৰৰ তিনিগৰাকী কেবিনেট মন্ত্ৰী ক্ৰমে BTC ৰ তত্বধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু চৰণ বড়ো উপস্থিত আছে। তদুপৰি ৰাজ্যৰ মুখ্য সচিব ৰবি কোটা, বিত্ত বিভাগৰ সচিব সহ ৩৯টা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত BTCৰ শীতকালীন অধিৱেশন অনুষ্ঠিত হ’ব।BTCত ভিন্ন সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব সুনিশ্চিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এনে প্ৰশাসনিক পদক্ষেপে বিটিএডিৰ বৈচিত্ৰময় সামাজিক স্থিতি পৰিষদ গঠনত প্ৰতিফলিত হ’ব বুলি আশা কৰা হৈছে।বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলৰ এই শীতকালীন অধিৱেশনৰ সময়তে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত BTCৰ চৰকাৰত নতুনকৈ যোগদান কৰিছে ছয়জন মনোনীত MCLA- এ। নতুন এই ছয় MCLA- এৰ নিযুক্তি দিয়াৰ ক্ষেত্ৰত ৰাজ্যপালে অনুমোদন প্ৰদান কৰে।ছয়জন মনোনীত সদস্যৰ ভিতৰত আছে ক্ৰমে ৰাজবংশী জনগোষ্ঠীৰ পৰা কৰ্মেশ্বৰ ৰায়, ৰাভা জনগোষ্ঠীৰ বাবে ৰতন চন্দ্ৰ ৰাভা, গোৰ্খা জনগোষ্ঠীৰ পৰা নন্দলাল মোগৰ, কোচ জনগোষ্ঠীৰ পৰা হেমপ্ৰভা দেৱী, কলিতা জনগোষ্ঠীৰ পৰা অজয় কুমাৰ হাজৰিকা আৰু শৰণীয়া–কছাৰী জনগোষ্ঠীৰ পৰা ৰিদীপ কুমাৰ ডেকা।ইতিমধ্যে পৰিষদলৈ মনোনিত ৬ সদস্যৰ তিনি গৰাকী ক্ৰমে অজয় কুমাৰ হাজৰিকা, কামেশ্বৰ ৰয় আৰু ৰতন চন্দ্ৰ ৰাভাই শপত গ্ৰহণ কৰিছে। Share this:FacebookX Related Post navigation সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে বাংলাদেশী নাগৰিকে জিচিপিএল-এ এটিপিকেল এডভাণ্টেজৰ সহযোগত ভাৰতৰ প্ৰথমটো ‘ৱৰ্ক ডেট ইনক্লুডছ’ এম্প্লয়েবিলিটী টুলকিট মুকলি কৰিছে,