অসম বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ কেইবাখনো জিলাত কালি সৃষ্টি হয় তীব্ৰ নিৰ্বাচনী হিংসাত্মক পৰিস্থিতিৰ। ভোটগ্ৰহণৰ দিনা হোৱা এই বিক্ষিপ্ত ঘটনাসমূহত প্ৰায় ৩০ জন লোক আহত হোৱাৰ লগতে আৰক্ষীয়ে বৰ্তমানলৈকে ৭ জনক গ্ৰেপ্তাৰ কৰিছে। শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কাৰ্তিক সেনা সিনহাই ইভিএম ভাঙি পেলোৱাক কেন্দ্ৰ কৰি পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হৈ পৰে।

পাথাৰকান্দিৰ ৰঙামাটি ভোটকেন্দ্ৰত ভুৱা ভোটদানৰ অভিযোগ তুলি প্ৰাৰ্থী সিনহাই প্রিজাইডিং অফিচাৰৰ সৈতে তৰ্কত লিপ্ত হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, সিনহাই ইভিএম ভঙাৰ পাছতেই বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত ৰক্তক্ষয়ী সংঘৰ্ষ আৰম্ভ হয়। এই ঘটনাত প্ৰায় ২৫ জন লোক আহত হয় আৰু ইয়াৰে দুজনৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোকক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

আনহাতে ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিত বিজেপি আৰু অসম জাতীয় পৰিষদৰ কৰ্মীৰ মাজত সংঘাতৰ সৃষ্টি হয়। এজেপিৰ নেতা সমুদ্ৰ বৰুৱা, স্বাক্ষৰ বৰগোহাঁই আৰু চিত্ৰকমল সন্দিকৈ বিজেপিৰ এটা আইটি চেললৈ যোৱাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত মাৰপিট হয়। এই ঘটনাত তিনিওজন এজেপি নেতা আহত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

নিৰ্বাচনৰ পূৰ্বৰাতিও তামুলপুৰ আৰু শিৱসাগৰত কেইবাটিও হিংসাত্মক ঘটনা সংঘটিত হৈছিল। আৰক্ষী পৰিদৰ্শক (আইন-শৃংখলা) অখিলেশ কুমাৰ সিঙে সদৰী কৰা মতে, তামুলপুৰত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়। শিৱসাগৰত অখিল গগৈৰ সমৰ্থকক আক্ৰমণ কৰাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে ৩ জনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *