একেৰাহে তিনি দশকৰো অধিক সময় ধৰি গুণগত মান আৰু উদ্ভাৱনৰ প্ৰতি দায়বদ্ধতাৰ বাবে পৰিচিত সমসাময়িক ভাৰতীয় পুৰুষৰ কাপোৰৰ আগশাৰীৰ ব্ৰেণ্ড ব্লেকবেৰীয়ে জীৱনৰ বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো পিতৃসকলে সন্তানক #KeepRising কৰিবলৈ অনুপ্ৰাণিত কৰাৰ শক্তিক স্বীকৃতি প্ৰদান কৰি উদযাপন কৰিছে পিতৃ দিৱস। এইবাৰৰ পিতৃ দিৱস উদযাপন কৰি ব্লেকবেৰীয়ে সুদৰ্শন অভিনেতা ৰনদীপ হুডা আৰু পিতৃ ৰণবীৰ হুডাক লৈ এক হৃদয়স্পৰ্শী পিতৃ দিৱস অভিযান মুকলি কৰিছে। এই ব্ৰেণ্ডটোৱে শক্তিশালী, আত্মবিশ্বাসী পিতৃসকলক বিশেষ গুৰুত্ব প্ৰদান কৰিছে, যিয়ে নিজৰ সন্তানক জীৱনৰ সম্পূৰ্ণ সম্ভাৱনাক লাভ কৰিবলৈ সৰ্বোচ্চ উজাৰি দিয়ে।ভাৰতৰ ‘ফিট এক্সপাৰ্ট’ ৰূপে পৰিচিত ভাৰতীয় পুৰুষৰ পোছাক ব্ৰেণ্ড ব্লেকবেৰীয়ে আৰম্ভ কৰিছে পিতৃ দিৱসৰ কেম্পেইন, য’ত এজন অভিনেতাই পিতৃৰ ডেউকাৰে পাখি মেলি নিজৰ সম্পূৰ্ণ সম্ভাৱনাক অন্বেষণ কৰিবলৈ সুবিধা প্ৰদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে। প্ৰচাৰ ছবিখনে নিজৰ অভিনয় দক্ষতাৰে সকলোকে মুগ্ধ কৰা সুদৰ্শন অভিনেতা ৰনদীপ হুদাই নিজৰ আৰু পিতৃৰ মাজৰ বান্ধোনক উজ্জ্বল কৰি তুলিছে। ব্লেকবেৰীৰ সাজ-পোছাক পৰিধান কৰি পিতা-পুত্ৰই দেউতাকে দিয়া স্বতন্ত্ৰতা আৰু আত্মবিশ্বাসৰ বাবে শলাগ লৈছে, যিয়ে নিজৰ কেৰিয়াৰ আৰু জীৱনক গঢ় দিছিল। ৰনদীপ হুডাই এই অনুভৱৰ বিষয়ে কয় যে, ‘মোৰ পিতৃ সদায় মোৰ শক্তিৰ শিলাস্তম্ভ হৈ আহিছে, মোক মোৰ সপোন বাস্তাৱ কৰিবলৈ আৰু প্ৰতিটো প্ৰত্যাহ্বা নেওচি আগুৱাই যাবলৈ উৎসাহিত কৰি আহিছে। পুৰুষৰ অদম্য মনোভাৱক উদযাপন কৰা ব্লেকবেৰীৰ দৰে ব্ৰেণ্ডৰ সৈতে জড়িত হ’বলৈ মই আনন্দিত অতিশয় আনন্দিত হৈছোঁ।” Share this:FacebookX Related Post navigation টাটা মটৰ্ছে মেজিক বাই-ফুৱেল ঘোষণা কৰে, অন্তিম মাইল পৰিবহনপুনৰ নিৰ্ধাৰণ কৰে বায়ু প্ৰদূষণৰ ফলত ২০২১ত বিশ্বজুৰি ৮১ লাখ লোকৰ মৃত্যু