অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় পক্ষই এতিয়া গ্ৰহণ কৰিছে ব্যাপক তৎপৰতা।আগন্তুক নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰায় ৯০ টা সমষ্টিৰ প্ৰাৰ্থী পেনেল বিজেপি দলে ইতিমধ্যে চূড়ান্ত কৰিছে বুলি বুধবাৰে সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত এক নিশা পৰ্যন্ত চলা বৈঠকৰ অন্তত তেওঁ সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, অধিকাংশ আসনৰ বাবে দলীয় নেতৃত্বৰ মাজত আভ্যন্তৰীণ আলোচনা প্ৰায় সম্পূৰ্ণ হৈছে। অহা ১০ ৰ পৰা ১২ মাৰ্চৰ ভিতৰত বিজেপিয়ে প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। অৱশিষ্ট সমষ্টিসমূহৰ বাবে মিত্ৰদল অসম গণ পৰিষদ আৰু বি পি এফৰ সৈতে আসন বুজাবুজিৰ আলোচনা অতি সোনকালে অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। নিৰ্বাচনী কুচকাৱাজৰ মাজতে শিৱসাগৰৰ বিধায়ক অখিল গগৈক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈৰ মন্তব্যৰ কোনো মূল্য নাই বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে কয়, “অখিল গগৈৰ কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লাভ নাই, কাৰণ তেওঁ সঘনাই স্থিতি সলনি কৰি থাকে।” মনোনয়ন দাখিলৰ অন্তিম দিনলৈকে ৰাইজৰ দলৰ নেতাগৰাকীয়ে নিজৰ ৰাজনৈতিক স্থিতি সলাই থাকিব বুলিও তেওঁ কটাক্ষ কৰে। ইফালে, নিৰ্বাচনী ৰণকৌশলৰ অংশ হিচাপে ৰাইজৰ দলেও প্ৰস্তুতি আৰম্ভ কৰিছে। অখিল গগৈয়ে এক ৰাজহুৱা ঘোষণা যোগে জানিবলৈ দিয়ে যে যিসকলে ৰাইজৰ দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে, তেওঁলোকে ৫ মাৰ্চত কাজিৰঙা অৰ্কিড পাৰ্কত তেওঁক সাক্ষাৎ কৰিব পাৰিব। মনোনয়নৰ সময় চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ শাসক-বিৰোধীৰ মাজত বৃদ্ধি পোৱা এই শব্দযুদ্ধই এতিয়া নিৰ্বাচনী পৰিৱেশ অধিক উত্তপ্ত কৰি তুলিছে। Share this:FacebookX Related Post navigation মামাৰ মহানুভৱতা কোচিং চেন্টাৰৰ বিজ্ঞাপনক লৈ চৰকাৰৰ কড়া ভাৱ, APCC প্ৰাৰ্থীৰ ফটো আঁতৰাবলৈ নিৰ্দেশ