আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাই শনিবাৰে সমগ্ৰ ৰাজ্যতে ব্যাপক জনসম্পৰ্ক অভিযান আৰম্ভ কৰিলে শাসকীয় বিজেপি দলে। ৰাজ্যৰ জনসাধাৰণৰ সংযোগ স্থাপন আৰু পুনৰবাৰ শাসনৰ গাদী দখলৰ বাবে সমৰ্থন আদায়ৰ লক্ষ্যৰে ৰাজ্যিক বিজেপিয়ে এই ‘জন আশীৰ্বাদ যাত্ৰা’ৰ কাৰ্যসূচী হাতত লৈছে। ঢেকীয়াজুলিত এই যাত্ৰাৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অভিযানৰ পূৰ্বে তেওঁ ঐতিহাসিক গুপ্তেশ্বৰ মন্দিৰত উপস্থিত হৈ আশিস গ্ৰহণ কৰে। মন্দিৰত প্ৰাৰ্থনা জনাই মুখ্যমন্ত্ৰীয়ে কয়, “এখন স্বনিৰ্ভৰশীল, সুৰক্ষিত আৰু সমৃদ্ধিশালী অসম গঢ়ি তুলিবলৈ আমাক জনতাৰ সমৰ্থনৰ প্ৰয়োজন। বিগত সময়ছোৱাত চৰকাৰখনক সহযোগিতা আগবঢ়োৱা বাবে মই অসমবাসীৰ ওচৰত কৃতজ্ঞ।” প্ৰথম পৰ্যায়ত ২৮ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ চলিবলগীয়া এই যাত্ৰাই ঢেকীয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপৰা আৰু নদুৱাৰ আদি সমষ্টি সামৰি ল’ব। যাত্ৰাপথৰ বিভিন্ন স্থানত পথ সভা আৰু জনসমাৱেশৰ জৰিয়তে প্ৰায় লাখৰো অধিক লোকৰ সৈতে পোনপটীয়া সংযোগ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আজি ঢেকীয়াজুলিৰ নিজ বৰছলাৰ পৰা ডুমডুমা চেণ্টাৰ হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এই যাত্ৰা আগবাঢ়ে। ৰাজ্যিক বিজেপিৰ মতে, বিগত দহ বছৰৰ সেৱা আৰু বিকাশৰ খতিয়ান জনতাৰ মাজলৈ লৈ যোৱাই হৈছে এই যাত্ৰাৰ মূল উদ্দেশ্য। ইফালে, যাত্ৰাৰ সফলতা কামনা কৰি শনিবাৰে পুৱা গুৱাহাটীৰ বাজপেয়ী ভৱনত নিৰ্বাচন প্ৰবন্ধন কমিটীৰ আহ্বায়ক প্ৰদান বৰুৱাই ভাৰত মাতাৰ লগতে দলীয় মনিষীসকলৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ এই বৃহৎ শক্তিপ্ৰদৰ্শনে এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে। Share this:FacebookX Related Post navigation মণিপুৰত ড্ৰাগছসহ মহিলা আটক, গ্ৰেপ্তাৰ নিষিদ্ধ ঘোষিত সংগঠন ‘প্ৰেপাক’ৰ ৪ দুৰ্ধৰ্ষ কেডাৰ