আজি ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ জন্মদিন। গতিকে পাকিস্তানৰ বিৰুদ্ধে জয়েৰে নিজৰ এই জন্মদিনটো স্মৰণীয় কৰি ৰাখিব সূৰ্যই। লগতে দলীয় সতীৰ্থসকলেও উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি পাকিস্তানৰ বিৰুদ্ধে জয়েৰে অধিনায়ক সূৰ্যকুমাৰ যাদৱক উপহাৰ আগবঢ়াব বিচাৰিব।এছিয়া কাপ ২০২৫ত আজি বহুচৰ্চিত ভাৰত বনাম পাকিস্তান মেচ। প্ৰতিবাদ তথা বিৰোধিতা নেওচি আজি পাকিস্তানৰ বিপক্ষে এই মেচখনত নামিব ভাৰতীয় দল। ইতিমধ্যে প্ৰতিযোগিতাত নিজৰ প্ৰথমখন মেচত দুয়োটা দলেই জয়ৰ মুখ দেখিছে। এতিয়া গ্ৰুপত নিজৰ দ্বিতীয়খন মেচতো জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে দুয়োটা দল মুখামুখি হ’ব। স্বাভাৱিকতেই এই লক্ষ্যৰ দিশত দুয়োটা দলে শক্তিশালী মূল একাদশেৰে মেচত নমাৰ প্ৰতি গুৰুত্ব দিব। এইক্ষেত্ৰত আজি ভাৰত আৰু পাকিস্তান দলত মূল একাদশত কোনে কোনে স্থান পাব, সেয়া হ’ব লক্ষণীয়।উল্লেখ্য যে আজি ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ জন্মদিন। গতিকে পাকিস্তানৰ বিৰুদ্ধে জয়েৰে নিজৰ এই জন্মদিনটো স্মৰণীয় কৰি ৰাখিব সূৰ্যই। লগতে দলীয় সতীৰ্থসকলেও উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি পাকিস্তানৰ বিৰুদ্ধে জয়েৰে অধিনায়ক সূৰ্যকুমাৰ যাদৱক উপহাৰ আগবঢ়াব বিচাৰিব। সেয়ে মেচখন নিশ্চিতভাৱে হৈ পৰিব উপভোগ্য। Share this:FacebookX Related Post navigation লণ্ডনৰ ৰাজপথত ১ লাখৰো অধিক লোক অসমত তীব্ৰ ভূমিকম্পৰ জোকাৰণি