২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনে সকলোকে আচৰিত কৰিছে। আলিগঞ্জত বিজেপিৰ মৈথিলী ঠাকুৰে বিনোদ মিশ্ৰক পৰাস্ত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।বিহাৰ বিধানসভা নিৰ্বাচনত ১১,৭৩০ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। বিহাৰৰ আন প্ৰাৰ্থীৰ লগতে অভিনেতা-গায়ক খেছাৰী লাল যাদৱো পৰাস্ত হয়।ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ২৫ ৰাউণ্ড গণনাৰ অন্তত মৈথিলী ঠাকুৰে মুঠ ৮৪,৯১৫ টা ভোট লাভ কৰে। ৭৩,১৮৫ টা ভোট লাভ কৰা আৰজেডিৰ বিনোদ মিশ্ৰক পৰাস্ত কৰে মৈথিলীয়ে। ২০১০ আৰু ২০১৫ চনত আব্দুল বাৰী ছিদ্দিকীয়ে এই আসন লাভ কৰিছিল। ২০২০ চনত মিশ্ৰী লাল যাদৱে (ভিআইপি) এই আসনত জয়ী হৈছিল। Share this:FacebookX Related Post navigation গোড্ৰেজ এগ্ৰভেট-এ অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ সৈতে এক অ-বাধ্যতামূলক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে বলীউডৰ পৰা আহিছে সুখৰ খবৰ