কেৱল অসমতেই নহয় বিশ্বৰ প্ৰান্তে প্ৰান্তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সুঁৱৰিছে অজস্ৰ গুণমুগ্ধই। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সুধাকণ্ঠলৈ জনাইছে সশ্ৰদ্ধ প্ৰণাম। ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ তত্বাৱধানত “বিস্তীৰ্ণ পৰৰে: শদিয়াৰ পৰা ধুবুৰীলৈ সংগীত যাত্ৰা” আৰম্ভ কৰিছে।বিশ্ব বৰণ্য শিল্পী সুধাকণ্ঠ ভূপেন হাজৰিকাৰ আজি ৯৯ সংখ্যক জন্মদিন। তেওঁৰ জন্মদিনটো অতি উলহ-মালহেৰে উদযাপন কৰিছে অসমীয়াই। শদিয়াৰ পৰা ধুবুৰীলৈ বৈ যোৱা ব্ৰহ্মপুত্ৰই অসমৰ বৈচিত্ৰময় জাতি-সাংস্কৃতিক, ভাষিক জনগোষ্ঠীসমূহক একত্ৰিত কৰি দীৰ্ঘদিন ধৰি অসমৰ জীৱনৰেখা হৈ আহিছে। ড° হাজৰিকাই এই নদীখনক মানৱতাৰ বাবে এক উপমালৈ ৰূপান্তৰিত কৰিলে- ইয়াৰ সীমাহীনতাই তেওঁৰ সাৰ্বজনীন সমতা, বন্ধুত্ব আৰু ন্যায়ৰ বাৰ্তাক প্ৰতিফলিত কৰিছিল। তেওঁৰ সংগীতত এই নদীখন সাংস্কৃতিক সংহতি আৰু বিশ্বজনীন সমন্বয়ৰ প্ৰতীক হৈ পৰিছিল। Share this:FacebookX Related Post navigation আফগানিস্তানত সংঘটিত হোৱা ভূমিকম্পত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে বহু গাঁও ধ্বংস শিলচৰৰ এজন যুৱকক পিষ্টলৰে আক্ৰমণ