সমাগত বিধানসভা নিৰ্বাচনত ৮০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে। মঙলবাৰে এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰে যে বিহপুৰীয়াত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব ন বিজেপি নেতা ভূপেন বৰাই। শাসকীয় দলটোৱে ইতিমধ্যে প্ৰাৰ্থীত্ব প্ৰায় চূড়ান্ত কৰিছে যদিও কেৱল কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদনলৈ অপেক্ষা কৰিছে বুলি তেওঁ সদৰী কৰে।

মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি, বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক হোৱাৰ বাবে ভূপেন বৰাক বিহপুৰীয়া অথবা ৰঙানদী সমষ্টিৰ যিকোনো এখনৰ পৰা প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে। তেওঁক বিজেপিত অন্তৰ্ভুক্ত কৰাক লৈ দলীয় কৰ্মীৰ মাজত কোনো ক্ষোভ নাই বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে তেওঁক যোগ্য সন্মান প্ৰদানৰ আশ্বাস দিয়ে। ইয়াৰ উপৰি কংগ্ৰেছৰ কেইবাজনো হিন্দু নেতা আৰু বৰ্তমানৰ বিদ্ৰোহী বিধায়কেও শীঘ্ৰেই বিজেপিত যোগদান কৰাৰ কথা জানিবলৈ দিয়ে।

কমলাক্ষ দে পুৰকায়স্থ, বসন্ত দাস আৰু শশীকান্ত দাসে অতি সোনকালে গেৰুৱা বসন পিন্ধিব বুলিও চৰ্চা চলিছে। অৱশ্যে দলত খালী আসনৰ অভাৱৰ বাবে সকলো নৱাগত বিধায়ককে নিৰ্বাচনী টিকট দিয়াটো সম্ভৱ নহ’ব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক অৱগত কৰে। ইফালে, এআইইউডিএফৰ সোনাইৰ বিধায়কজনে অগপৰ সৈতে বুজাবুজি কৰি দলটোত যোগদান কৰাৰ পথ প্ৰায় প্ৰশস্ত কৰিছে।

অন্যহাতে, চমৰীয়া সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ বিজেপি গমনৰ খবৰ মুখ্যমন্ত্ৰীয়ে পোনচাটেই নাকচ কৰে। ৰেকিবুদ্দিনৰ সৈতে বিজেপিৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰি তেওঁ কয় যে টিকটৰ পৰা বঞ্চিত হোৱা কোনো লোকেহে হয়তো এনে বিভ্ৰান্তিকৰ বাতৰি প্ৰচাৰ কৰিছে। বিৰোধী শিবিৰত আসন বুজাবুজিৰ টনা-আঁজোৰা চলি থকাৰ সময়তে বিজেপিৰ এই আগতীয়া প্ৰস্তুতিয়ে নিৰ্বাচনী যুঁজখন অধিক গৰম কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *