কংগ্ৰেছ ত্যাগৰ হুংকাৰ দিয়া প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই অতি শীঘ্ৰেই গেৰুৱা দলত যোগদান কৰাৰ সম্ভাৱনা এতিয়া তীব্ৰতৰ হৈ পৰিছে। মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই বৰাৰ শেহতীয়া স্থিতি সন্দৰ্ভত এক বিস্ফোৰক ইংগিত প্ৰদান কৰে। শইকীয়াৰ মতে, যিধৰণে বৰাই নিজৰ দলক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে, তাৰ পৰা তেওঁ বিজেপিত যোগদান কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। কংগ্ৰেছৰ সৈতে ৩২ বছৰীয়া সম্পৰ্ক ছেদ কৰিবলৈ ওলোৱা ভূপেন বৰাৰ মানসিকতাৰ ওপৰত সন্দেহ প্ৰকাশ কৰি শইকীয়াই কয়, “এতিয়া ভূপেন বৰাই কংগ্ৰেছক গালি-গালাজ কৰিবলৈ আৰম্ভ কৰিছে। মই অনুভৱ কৰোঁ যে ভূপেন বৰাই বিজেপিত যোগদান কৰিব, কিন্তু তেওঁৰ মনত কি আছে মই ক’ব নোৱাৰো।” সোমবাৰে পুৱা ৮ বজাত হঠাতে পদত্যাগৰ কথা ঘোষণা কৰি বৰাই কৈছিল যে তেওঁ কেৱল “আত্মসন্মান ৰক্ষা কৰিবলৈ” এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে নিৰ্বাচনৰ পূৰ্বে বৰাৰ এই পদক্ষেপে কংগ্ৰেছ হাই কমাণ্ডক চিন্তিত কৰি তুলিছে। যাৰ বাবে খোদ ৰাহুল গান্ধীয়েও এই বিষয়ত হস্তক্ষেপ কৰিবলগীয়া হৈছে। সোমবাৰে দিনটোৰ কেইবালানিও আলোচনাৰ পাছত বৰাই সন্ধিয়া কিছু সুৰ সলাই কয়, “কংগ্ৰেছ হাই কমাণ্ড অসম গোটৰ কেইবাটাও ঘটনাৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত নাছিল, সেইবাবেই মই তেওঁলোকলৈ লিখাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিলোঁ।” বৰ্তমানলৈকে বিজেপিত যোগদানৰ কোনো চৰকাৰী ঘোষণা হোৱা নাই যদিও বৰাই নিজৰ চূড়ান্ত সিদ্ধান্ত জনাবলৈ এদিনৰ সময় বিচাৰিছিল। বুধবাৰে জিতেন্দ্ৰ সিঙৰ সৈতে হ’বলগীয়া বৈঠকৰ পাছতহে স্পষ্ট হ’ব যে অসম কংগ্ৰেছৰ এই শক্তিশালী স্তম্ভটোৱে বিজেপিৰ ‘নিৰাপদ আসন’ৰ প্ৰলোভন গ্ৰহণ কৰিব নে পুনৰ হাতৰ লগতে থাকিব। Share this:FacebookX Related Post navigation এইবাৰ বিপদত অভিনেত্ৰী আমিষা পেটেল! ১০ বছৰ পুৰণি গোচৰত জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি আদালতৰ অসমক ১০ লাখ কোটিৰ অৰ্থনীতি গঢ়ি তোলাৰ লক্ষ্যৰে ঘোষণা বাজেটঃ শিক্ষা, স্বাস্থ্য আৰু আন্তঃগাঁথনিত অভূতপূৰ্ব গুৰুত্ব