পশ্চিম গুৱাহাটীৰ ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত ফুলগুৰি আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত ভোগালী বিহুৰ লগত সংগতি ৰাখি ১২ জানুৱাৰীত প্রথমবাৰৰ বাবে অনুষ্ঠিত হয় প্ৰাক ভোগালী মেলা। ছাত্র-ছাত্রীৰ লগতে শিক্ষক -শিক্ষয়ত্ৰীৰ মাজত অসমীয়া জাতিৰ স্বাভিমান ভোগালী বিহুৰ পৰম্পৰা ৰক্ষাৰ উদেশ্যে অনুষ্ঠিত কৰা হৈছিল এই মেলা ।

আনহাতে মেলাৰ লগত সংগতি ৰাখি এখন ভোগালী বিহুৰ খাদ্য সম্ভাৰৰ বিক্ৰী আৰু প্ৰদৰ্শনীও অনুষ্ঠিত হয় । বিক্ৰী আৰু প্ৰদৰ্শনীখন উদ্ধোধন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক ভাস্কৰজ্যোতি দাসে । প্ৰদৰ্শনীখনত ১৬ খন বিপনীত ছাত্ৰ – ছাত্ৰী সকলে প্ৰস্তুত কৰা লাড়ু – পিঠা , সান্দহ , চিৰা আদি বিক্ৰী কৰা হয়।

এই মেলাত ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ মমতা শইকীয়া , বিনু নায়াৰ আৰু অনিল ভাটকে ধৰি কেইবাজনো বিষয়া উপস্থিত আছিল। আনহাতে সামৰণিত খাদ্য সম্ভাৰৰ বিক্ৰীৰ বিপনীত ভাগ লোৱা ছাত্ৰ – ছাত্ৰী সকলক পুৰস্কাৰ প্ৰদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *