নিৰ্বাচনী গৰম বতাহৰ মাজতে সাধাৰণ জনতাৰ বাবে আহিছে এক অতি বেয়া খবৰ। ১ এপ্ৰিল অৰ্থাৎ আজিৰ পৰাই ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত বৃদ্ধি পালে টোল টেক্সৰ হাৰ। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধি আৰু নাটনিৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এই সিদ্ধান্তই এতিয়া চিন্তিত কৰি তুলিছে সৰ্বসাধাৰণক।

প্ৰাপ্ত তথ্য অনুসৰি, আজিৰ পৰা দেশৰ লগতে ৰাজ্যৰ সাতখনকৈ গুৰুত্বপূৰ্ণ টোলগেটত কাৰ্যকৰী কৰা হৈছে নতুন নিৰ্দেশনা। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰকাশ কৰা অনুসৰি, এই বৃদ্ধি ৫ টকাৰ পৰা ৩৫ টকালৈকে হ’ব পাৰে। বিশেষকৈ লঘূ বাহনৰ ক্ষেত্ৰত এই বৃদ্ধিৰ হাৰ অধিক পৰিলক্ষিত হৈছে।

ৰাজ্যৰ নাজিৰাখাট, মদনপুৰ, ৰহা, চুলুং, ৰঙামাটি আৰু ডবকা টোলগেটত আজিৰে পৰা অধিক ধন ভৰিব লাগিব যাত্ৰীসকলে। এই প্ৰধান টোলগেটসমূহ পাৰ হওঁতে এতিয়াৰে পৰা যাত্ৰীসকলে পূৰ্বতকৈ অধিক মাচুল আদায় দিব লাগিব। ইতিমধ্যে টোল প্লাজাসমূহত নতুন নিৰিখৰ তালিকাও ওলোমাই দিয়া হৈছে।

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়তে চৰকাৰ তথা প্ৰাধিকৰণৰ এই সিদ্ধান্তই সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। টোল কৰৰ বোজাই নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ সমস্যা দুগুণ বৃদ্ধি কৰিছে। বাণিজ্যিক বাহনৰ গৰাকীসকলেও এই বৃদ্ধিক লৈ ক্ষোভ প্ৰকাশ কৰে। কাৰণ ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ যাতায়ত আৰু সামগ্ৰী পৰিবহনৰ ওপৰত পৰিব।

একে সময়তে, পৰিবহনৰ ব্যয় বৃদ্ধি পোৱাৰ ফলত ভৱিষ্যতে বজাৰত সামগ্ৰীৰ দাম আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নিৰ্বাচনৰ সময়ত উন্নয়নৰ প্ৰতিশ্ৰুতিসমূহৰ মাজতে এনেদৰে ৰাইজৰ ওপৰত টোল টেক্সৰ বোজা জাপি দিয়া কাৰ্যক বহুতে সমালোচনা কৰিছে। ৰন্ধন গেছৰ নাটনি আৰু টোল টেক্সৰ এই বৃদ্ধিয়ে আসন্ন নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব নেকি, সেয়া সময়তহে স্পষ্ট হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *