উত্তৰ পূবত কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে ডাঃ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটে কেইবাটাও অত্যাধুনিক ৰেডিয়’থেৰাপী আৰু ডাইগ্নষ্টিক চিষ্টেম উদ্বোধন কৰি নিজৰ ৰেডিয়’চন অংক’লজী ক্ষমতাৰ এক গুৰুত্বপূৰ্ণ উন্নতি সাধন কৰে।নতুনকৈ উদ্বোধন কৰা সুবিধাসমূহৰ ভিতৰত আছে চিটি চিমুলেটৰ, টিএলডি ৰিডাৰ, চিনাৰ্জি লিনিয়াৰ এক্সিলেটৰৰ উন্নীতকৰণ, আৰু ছাৰ্ফেচ গাইডেড ৰেডিঅ’থেৰাপি (এছজিআৰটি) চিষ্টেম। উত্তৰ- পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী আৰু কৰ্কট ৰোগৰ যত্নক আগুৱাই নিয়াৰ দিশত দায়বদ্ধতাৰ অংশ হিচাপে এছ বি আই ফাণ্ডছ মেনেজমেণ্ট লিমিটেড ( এছবিআইএফএমএল) এই সঁজুলি আৰু উন্নীতকৰণৰ সহযোগিতা আগবঢ়াইছে। এছ বি আই ফাণ্ডছ মেনেজমেণ্ট লিমিটেডৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া নন্দ কিশোৰৰ লগতে প্ৰতিষ্ঠানটোৰ অন্যান্য বিশিষ্ট বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ বিষয়া, ক্লিনিচিয়ান, আৰু অধ্যাপকসকলৰ উপস্থিতিত এই উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে ভাষণ প্ৰদান কৰি এছ বি আই ফাণ্ডছ মেনেজমেণ্ট লিমিটেডৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া নন্দ কিশোৰে কয় যে এছ বি আই ফাণ্ডছ মেনেজমেণ্ট লিমিটেডত আমাৰ চি এছ আৰ প্ৰচেষ্টাসমূহ এই বিশ্বাসৰ দ্বাৰা পৰিচালিত হয় যে স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাটো স্থিতিস্থাপক সম্প্ৰদায় গঢ়ি তোলাৰ বাবে অপৰিহাৰ্য। সুৰক্ষা আৰু চিকিৎসাক সদায় প্ৰাধান্য দি আহিছোঁ আৰু যিসমূহ অঞ্চলত ইয়াৰ প্ৰয়োজনীয়তা আছে তাত আমি সহায়ৰ হাত আগবঢ়াই আছোঁ। পুনৰ এই কাৰ্যই আমাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰি তুলিছে। ক্লিনিকেল হস্পিতাল ব্যৱহাৰৰ বাবে উত্তৰ-পূবত এই ধৰণৰ প্ৰথমটো নতুনকৈ সংযোজিত টিএলডি ৰিডাৰে টোটেল বডি ইৰেডিয়েচনৰ সময়ত ৰেডিয়’শ্বনৰ মাত্ৰা সঠিকভাৱে জোখা আৰু নিৰীক্ষণ কৰিবলৈ সক্ষম কৰি হাড়ৰ মজ্জা প্ৰতিস্থাপনৰ পদ্ধতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। চিটি চিমুলেটৰে আধুনিক চিকিৎসা কৌশল ব্যৱহাৰ কৰি উন্নত ৰেডিঅ’থেৰাপি পৰিকল্পনা সমৰ্থন কৰিবলৈ অতিৰিক্ত ইউনিট হিচাপে কাম কৰিব।ইয়াৰ উপৰিও ইলেক্টা চিনাৰ্জি লিনিয়াৰ এক্সিলেটৰৰ উন্নীতকৰণে ইয়াৰ আয়ুস আৰু ৫ বছৰ বৃদ্ধি কৰিছে, আনহাতে এছজিআৰটি ব্যৱস্থা স্থাপন কৰিলে চিকিৎসাৰ সময়ত ৰোগীৰ অৱস্থান আৰু বাস্তৱ সময়ৰ নিৰীক্ষণ অতি নিখুঁত হ’ব, যাৰ ফলত ভুল হ্ৰাস পাব আৰু চিকিৎসাৰ সঠিকতা বৃদ্ধি পাব।এই উপলক্ষে ভাষণ দি বিবিচিআইৰ সঞ্চালক ডাঃ বি বি বৰঠাকুৰে উত্তৰ-পূবৰ জনসাধাৰণৰ বাবে সুলভ, উন্নত, আৰু ৰোগীকেন্দ্ৰিক কৰ্কট ৰোগৰ যত্ন প্ৰদানৰ ক্ষেত্ৰত এছবিআইএফএমএলৰ অবিৰত সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। এই উন্নত প্ৰযুক্তিয়ে কেন্সাৰ চিকিৎসাৰ নিখুঁততা, সুৰক্ষা আৰু কাৰ্যক্ষমতা যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত ৰোগীৰ ফলাফল উন্নত হোৱাত অৰিহণা যোগাব। Share this:FacebookX Related Post navigation পুনৰ আত্মঘাতী বোমা বিস্ফোৰণ ধঁপাত সেৱনকাৰীলৈ ডাঙৰ খবৰ