বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা বৰপেটা আন্ত: সংগঠন ‘বি’ ডিভিজন ফুটবল লীগ তথা নক আউট টূৰ্ণামেন্টৰ সুন্দৰ বিজয় সাব্যস্ত কৰিছে বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতাল দলে প্ৰতিযোগিতাৰ লীগ মেচখনত মেডিকেলৰ দলটোৱে কয়াকুছি স্পৰ্টছ ক্লাৱক নুন্যতম গলত পৰাস্ত কৰে। দুই দলৰ মাজত তীব্ৰ আক্ৰমণ ৰচনা প্ৰদৰ্শন কৰা দেখা গৈছিল যদিও শেষ মূহুৰ্তত মেডিকেল কলেজ দলটোৱে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয় । প্ৰথমৰে পৰা দৰ্শকৰ বাবে উপভোগ্য হৈ পৰা মেচখনত মেডিকেল কলেজ হাস্পতালৰ হৈ বিজয় সূচক গলটো দিয়ে কুটুবুদ্দিনে । Share this:FacebookX Related Post navigation অসম অলিম্পিক সন্থাৰ সম্বৰ্ধনা চাৰি সাংবাদিকক পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ মাজৰে ফ্ৰান্সে বিশ্বৰ আগত দাঙি ধৰিলে সাংস্কৃতিক বৈচিত্ৰ্য-বিপ্লৱৰ ইতিহাস