জিলা আয়ুক্ত আয়ুষ নিৰ্দেশ মৰ্মে খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু জোখ মাফ পৰিদৰ্শকৰ কাৰ্যালয়ৰ যুটীয়া অভিযানত বৰপেটা জিলাৰ মন্দিয়াৰ দুটা পেট্ৰল পাম্পত অভিযান চলাই পেট্ৰল পাম্পৰ পেট্ৰলিয়াম সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ লগতে যাৱতীয় নথি পত্ৰ পৰীক্ষা কৰে ৷

বৰপেটা জিলাৰ কাৰ্যবাহী দন্ডাধীশ জুৰি কলিতাৰ উপস্থিতিত দুয়োটা বিভাগে যুটীয়া অভিযান চলাই পেট্ৰল পাম্প দুটাৰ পৰা পেট্ৰল আৰু ডিজেলৰ নমুনা সংগ্ৰহ কৰে আৰু পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হয়। যদি এই পেট্ৰলজাত সামগ্ৰীৰ কিবা বিসংগতি ধৰা পৰে তেতিয়া আইন অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনৰ এটি সূত্ৰই জানিবলৈ দিয়ে ৷

সময়ে সময়ে জিলা খনৰ পেট্ৰল পাম্প সমুহৰ ওপৰত পোৱা অভিযোগৰ পিছতেই প্ৰশাসনে এই অভিযান চলাইছিল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *