বাংলাদেশৰ ত্ৰয়োদশ সংসদীয় নিৰ্বাচনত বাংলাদেশ নেচনেলিষ্ট পাৰ্টী চমুকৈ বি এন পিয়ে বৃহৎ জয় সাব্যস্ত কৰিলেও নতুন সংসদত হিন্দু প্ৰতিনিধিৰ সংখ্যা মাত্ৰ এজনলৈ হ্ৰাস পোৱা পৰিলক্ষিত হয়। তাৰিক ৰহমানৰ নেতৃত্বত বি এন পিয়ে চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে সংখ্যালঘু প্ৰতিনিধিত্বৰ এই ছবিখনে দেশখনৰ ৰাজনীতিত সৰ্বাংগীনতাৰ প্ৰশ্ন উত্থাপন কৰিছে। বি এন পিয়ে প্ৰতিদ্বন্দ্বিতাত নমোৱা ছয়গৰাকী হিন্দু প্ৰাৰ্থীৰ ভিতৰত কেৱল গয়েশ্বৰ চন্দ্ৰ ৰয়হে বিজয়ী হ’বলৈ সক্ষম হয়। আনহাতে, জামাত-ই-ইছলামীৰ একমাত্ৰ হিন্দু প্ৰাৰ্থী কৃষ্ণ নন্দীয়েও পৰাজয় বৰণ কৰে।

উল্লেখ্য যে ২০২৫ চনৰ ডিচেম্বৰ মাহত চৰিফ ওচমান হাদী নামৰ এজন উগ্ৰপন্থী নেতাৰ মৃত্যুৰ পিছৰে পৰা বাংলাদেশত হিন্দু সমাজৰ ওপৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাক লৈ ভাৰতেও বাৰে বাৰে উদ্বেগ প্ৰকাশ কৰি আহিছে। এনে এক অস্থিৰ পৰিৱেশৰ মাজতে অনুষ্ঠিত নিৰ্বাচনত সংখ্যালঘু প্ৰতিনিধিত্ব হ্ৰাস পোৱাটো এক চিন্তনীয় বিষয় হিচাপে বিবেচিত হৈছে। ঢাকাৰ ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, সাতগৰাকী হিন্দু প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ এজনে জয়লাভ কৰা ঘটনাই সংখ্যালঘু সম্প্ৰদায়ৰ ৰাজনৈতিক অংশগ্ৰহণৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহকে সূচাইছে।

খুলনা-১ সমষ্টিত জামাত-ই-ইছলামীৰ প্ৰাৰ্থী কৃষ্ণ নন্দীয়ে বি এন পিৰ আমিৰ ইজাজ খানৰ হাতত শোচনীয়ভাৱে পৰাজিত হয়। জানিব পৰা মতে, খানে ১,২১,৩৫২ টা ভোট লাভ কৰাৰ বিপৰীতে নন্দীয়ে মাত্ৰ ৭০,৩৪৬ টা ভোটহে লাভ কৰে। ৰক্ষণশীল জিলাসমূহৰ বাহিৰে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত জামাতৰ জনপ্ৰিয়তা যে তেনেই সীমিত, সেই কথা এই ফলাফলে পুনৰ প্ৰমাণ কৰিলে। আনহাতে, গয়েশ্বৰ চন্দ্ৰ ৰয়ৰ বিজয়ে নতুন সংসদত হিন্দু সম্প্ৰদায়ৰ বাবে একমাত্ৰ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।

২০২৪ চনৰ আগষ্ট মাহত আৱামী লীগ চৰকাৰৰ পতনৰ পিছত মহম্মদ ইউনুছৰ নেতৃত্বত চলা অন্তৰ্ৱৰ্তীকালীন প্ৰশাসনৰ ঠাইত এতিয়া বি এন পিয়ে শাসনৰ গাদী দখল কৰিব। নতুন চৰকাৰৰ অধীনত সংখ্যালঘুসকলৰ সুৰক্ষা আৰু তেওঁলোকৰ অধিকাৰ কিদৰে সুৰক্ষিত হ’ব, তাৰ ওপৰত এতিয়া দেশী-বিদেশী পৰ্যবেক্ষকৰ তীক্ষ্ণ দৃষ্টি নিবদ্ধ আছে। বিশেষকৈ ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰতো সংখ্যালঘু সুৰক্ষাৰ বিষয়টোৱে আগন্তুক দিনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ধাৰণা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *