বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ বিৰুদ্ধে চলি থকা ধাৰাবাহিক হিংসাই এতিয়া দুই দেশৰ কূটনৈতিক সম্পৰ্কত চৰম অস্বস্তিৰ সৃষ্টি কৰিছে। মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰৰ শাসনকালত সংখ্যালঘুসকলৰ ওপৰত ২,৯০০ তকৈও অধিক আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলি শুকুৰবাৰে নতুন দিল্লীয়ে এক উদ্বেগজনক তথ্য সদৰী কৰিছে। চুবুৰীয়া দেশখনত হিন্দু, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ভাৰতে এতিয়া আন্তৰ্জাতিক মঞ্চতো সৰৱ হৈ পৰিছে।

বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক সংবাদমেলত সদৰী কৰা মতে বাংলাদেশত হত্যাকাণ্ড, অগ্নিসংযোগ আৰু ভূমি দখলৰ দৰে ঘটনা এতিয়া নিত্য-নৈমিত্তিক হৈ পৰিছে। বিশেষকৈ মৈমনসিংহত দীপু চন্দ্ৰ দাস আৰু ৰাজবাৰীত অমৃত মণ্ডলৰ নৃশংস হত্যাকাণ্ডক ভাৰতে তীব্ৰ ভাষাৰে গৰিহণা জনায়। এই জঘন্য অপৰাধৰ লগত জড়িত দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ ভাৰতে ইউনুছ চৰকাৰৰ ওচৰত জোৰদাৰ দাবী উত্থাপন কৰে।

ভাৰতে লগতে অভিযোগ কৰে যে একাংশ লোকে ৰাজনৈতিক উদ্দেশ্যত সংবাদ মাধ্যমৰ খবৰবোৰক অতিৰঞ্জিত বুলি কৈ প্ৰকৃত সত্য লুকুৱাবলৈ চেষ্টা কৰিছে, যিটো অতি ভয়ংকৰ। ছাত্ৰ নেতা শ্বৰীফ ওচমান হাদীৰ মৃত্যুৰ সৈতে ভাৰতক সাঙুৰি যি অপপ্ৰচাৰ চলোৱা হৈছে, তাকো নতুন দিল্লীয়ে সম্পূৰ্ণ মিছা বুলি অভিহিত কৰি নাকচ কৰে। ভাৰতৰ মতে, বাংলাদেশত বৰ্তমান চলি থকা অৰাজকতাৰ বাবে চৰকাৰৰ আইন-শৃংখলা ৰক্ষাৰ ব্যৰ্থতাহে দায়ী।

আগন্তুক ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বাংলাদেশৰ সংসদীয় নিৰ্বাচনৰ ওপৰতো ভাৰতে তীক্ষ্ণ নজৰ ৰাখিছে। নিৰ্বাচন যাতে সকলোৰে অংশগ্ৰহণেৰে শান্তিপূৰ্ণ আৰু নিৰপেক্ষ হয়, তাৰ বাবে ভাৰতে আহ্বান জনায়। ইফালে, দীৰ্ঘদিনৰ মূৰত বিএনপিৰ নেতা তাৰেক ৰহমান দেশলৈ ওভতাৰ বিষয়ত ভাৰতে কয় যে তেওঁলোকে সদায় বাংলাদেশত এক সবল গণতান্ত্ৰিক পৰিৱেশ বিচাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *