ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে বৰপেটাত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। জিলাখনৰ হাউলীত ধৰা পৰিছে ১৩ গৰাকী ৰোহিংগীয়া। সন্দেহজনক চাল-চলন লক্ষ্য কৰি স্থানীয় লোকে আৰক্ষীক গটাই দিয়ে পুৰুষ-মহিলা আৰু শিশুসহ ১৩ জনীয়া দলটোক।ভাৰতত প্ৰৱেশৰ পাছত অসম হৈয়েই নতুন দিল্লী আৰু জম্মু-কাশ্মীৰলৈ গৈছিল এই দলটো। সেই সময়ত দালালে পাৰ কৰাইছিল তেওঁলোকক। কিন্তু এতিয়া তেওঁলোকে অকলেই প্ৰৱেশ কৰিছিল অসমত।ইপিনে ৰোহিংগীয়া কেইজনে পুনৰ বাংলাদেশৰ শৰণাৰ্থী শিবিৰলৈ উভতি যোৱাৰ বাবে অসমলৈ অহাৰ দাবী কৰিছে যদিও আৰক্ষীৰ তদন্তে সকলো কথা স্পষ্ট হ’ব।সম্প্ৰতি আটকাধীন ৰোহিংগীয়া কেইজনক সোধা-পোচা কৰি আছে আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰা ৰোহিংগীয়া কেইজন হৈছে মহম্মদ ৰফিক, নুৰ আলী, মহম্মদ আলম, আছিয়া খাতুন, চকুতাৰা বেগম, ছায়েদা খাটুন। আনহাতে ধৃত শিশু কেইটা হৈছে- কিছমৎআৰা বেগম, মিনাৰা বেগম, মহম্মদ ইব্রাহীম, হামিদ ৰেহমান, মহম্মদ ওচমান, মহম্মদ ইছমাইল আৰু আছমা তাৰা। Share this:FacebookX Related Post navigation বিধ্বংসী ভূমিকম্পত মুহূৰ্ততে নামি আহিস কাল অমানিশা পুনৰ পোহৰলৈ আহিছে এক জঘন্য ঘটনা