শুকুৰবাৰে আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ গ্ৰুপ মেচত ফৰ্মৰ বাহিৰত থকা প্ৰাক্তন চেম্পিয়ন নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব আত্মবিশ্বাসৰে ভৰা বাংলাদেশ। নিউজিলেণ্ডে একেৰাহে দুবাৰকৈ পৰাজয়ৰ সন্মুখীন হৈছে আৰু এতিয়াও একাউণ্ট খুলিব পৰা নাই। আনহাতে বাংলাদেশে দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰি শীৰ্ষ চাৰিটা স্থান দখল কৰিবলৈ চেষ্টা কৰিব। ২০০০ চনত নিউজিলেণ্ডে খিতাপ দখল কৰিছিল আৰু এতিয়া একেৰাহে তৃতীয়বাৰৰ বাবে পৰাজয়ৰ বাবে আগতীয়াকৈ বাহিৰ হোৱাৰ সন্মুখীন হ’ব পাৰে। বাংলাদেশৰ শক্তি হৈছে স্পিন আৰু গুৱাহাটীৰ ড্ৰাই পিটছে তেঁওলোকৰ স্পিনাৰসকলক সহায় কৰিব। ইংলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ পিছত তেওঁলোকে জয়ৰ পথলৈ ঘূৰি আহিবলৈ বিচাৰিব। উপ অধিনায়ক নাহিদা আখতাৰৰ নেতৃত্বত বাংলাদেশৰ স্পিন বলাৰে এতিয়ালৈকে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। সকলো ফৰ্মেটতে বাংলাদেশৰ আগশাৰীৰ উইকেট দখলকাৰী নাহিদাৰ বাবে নিউজিলেণ্ডৰ বেটছমেনসকলে তেওঁৰ প্ৰতি সতৰ্ক হ’ব লাগিব। নাহিদাৰ সহায়ক হিচাপে আছে লেগ ব্ৰেক বলাৰ ফাহিমা খাতুন আৰু ৰবিয়া খান। পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰা খেলখনত আঠাইশ বছৰীয়া শোৰ্না আখতাৰে ৩.৩ অভাৰত ৫ ৰানত তিনিটা উইকেট দখল কৰে। পাকিস্তানৰ বিৰুদ্ধে দুটা উইকেট দখল কৰা বেগী বলাৰ মাৰুফা আখতাৰে নিজৰ উৎকৃষ্ট ফৰ্ম অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব। তেওঁৰ গতি নিউজিলেণ্ডৰ অ’পেনাৰসকলৰ বাবে মূৰৰ কামোৰণি বুলি প্ৰমাণিত হ’ব পাৰে। প্ৰথমখন খেলত পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে বাংলাদেশে। অৱশ্যে তেওঁলোকৰ বেটিং চিন্তাৰ কাৰণ, আৰু অধিনায়ক নিগাৰ চুলতানাই এতিয়াও সঠিক কম্বিনেচন বিচাৰি পোৱা নাই। শেষৰখন মেচত শৰ্মিন আখতাৰক অৰ্ডাৰত প্ৰমোট কৰা হৈছিল যদিও এই পদক্ষেপে কোনো ফল নাপালে। ইংলেণ্ডৰ বিৰুদ্ধে ৪৯.৪ অভাৰত ১৭৮ ৰানত আউট হয় বাংলাদেশ। ৰুবিয়া হাইডাৰে অৰ্ধশতক অৰ্জন কৰিছিল যদিও মিডল অৰ্ডাৰত ধাৰাবাহিকতাৰ অভাৱ আছিল। এই খেলখন দিনৰ তিনি বজাৰ পৰা আৰম্ভ হ’ব। Share this:FacebookX Related Post navigation অলিম্পিক পদক বিজয়ী অমন ছেহৰাৱাটক এবছৰৰ বাবে নিষেধাজ্ঞা ক’ত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ নিলাম?