দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক প্ৰেক্ষাপটত এক নতুন সমীকৰণৰ ইংগিত পোৱা গৈছে। বাংলাদেশৰ বায়ুসেনা প্ৰধান হাছান মাহমুদ খানৰ শেহতীয়া ইছলামাবাদ ভ্ৰমণৰ পাছতে পাকিস্তানৰ পৰা যুদ্ধবিমান ক্ৰয়ৰ সম্ভাৱনাই তীব্ৰ ৰূপ ধাৰণ কৰিছে। এই সংক্ৰান্তত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া ব্যক্ত কৰি জানিবলৈ দিয়ে যে সমগ্ৰ পৰিস্থিতিৰ ওপৰত নতুন দিল্লীয়ে অতি সক্ৰিয়ভাৱে নজৰ ৰাখিছে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক সংবাদমেলত স্পষ্ট কৰি দিয়ে যে যিহেতু এই বিষয়টোৰ সৈতে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰসংগ জড়িত হৈ আছে, সেয়েহে চৰকাৰে বিষয়টোক অতি গাম্ভীৰ্যৰে গ্ৰহণ কৰিছে। উল্লেখ্য যে, পাকিস্তান সেনাৰ মিডিয়া শাখা ‘আইএছপিআৰ’-ৰ এক ৰিপৰ্ট অনুসৰি বাংলাদেশৰ বায়ুসেনা প্ৰধানগৰাকীয়ে পাকিস্তানৰ এয়াৰ চিফ মাৰ্শেল জাহিৰ আহমেদ বাবৰৰ সৈতে প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভত বিতং আলোচনা কৰে। পাকিস্তানৰ পৰা অত্যাধুনিক ‘জেএফ-১৭ থাণ্ডাৰ’ যুদ্ধবিমান ক্ৰয় কৰিবলৈ বাংলাদেশে আগ্ৰহ প্ৰকাশ কৰা বুলিও উক্ত ৰিপৰ্টত দাবী কৰা হৈছে। চীন আৰু পাকিস্তানৰ যুটীয়া প্ৰযুক্তিৰে নিৰ্মিত ৪.৫ প্ৰজন্মৰ এই যুদ্ধবিমানসমূহে দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ কঢ়িয়াবলৈ সক্ষম। বৰ্তমান বাংলাদেশে নিজৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে আধুনিক যুঁজাৰু বিমানৰ সন্ধান কৰি আছে। ইফালে ভাৰতৰ সৈতে থকা কৌশলগত সম্পৰ্কৰ বিপৰীতে পাকিস্তানৰ সৈতে এনে ধৰণৰ প্ৰতিৰক্ষা চুক্তিৰ খবৰে আঞ্চলিক নিৰাপত্তাক লৈ উদ্বেগৰ সৃষ্টি কৰিছে। তদুপৰি ভাৰত চৰকাৰে এই সামৰিক বুজাবুজিৰ জৰিয়তে ৰাষ্ট্ৰীয় নিৰাপত্তা বিঘ্নিত হোৱাৰ সম্ভাৱনাক লৈ এক মৌন সতৰ্কবাণী প্ৰদান কৰিছে। চুবুৰীয়া দেশ দুখনৰ মাজত হ’বলগীয়া সম্ভাব্য এই চুক্তিয়ে যাতে ভাৰতৰ সীমান্তৱৰ্তী সুৰক্ষা ব্যৱস্থাত কোনো প্ৰভাৱ পেলাব নোৱাৰে, সেই দিশত ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহ সষ্টম হৈ থকা বুলি জানিবলৈ দিয়ে। Share this:FacebookX Related Post navigation গুজৰাটত অমিতাভ বচ্চনক চাবলৈ উন্মত্ত অনুৰাগীৰ তাণ্ডৱ! কেইবাজনো আহত কাজিৰঙাৰ বাবে কেন্দ্ৰৰ উপহাৰ! ১৭ জানুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী