বাংলাদেশত গণপ্ৰহাৰৰ বলি হৈ প্ৰাণ হেৰুৱাইছে আন এজন হিন্দুলোকে ৷ দিপু চন্দ্ৰ দাসৰ পিছত দেশখনত গণপ্ৰহাৰৰ বলি হৈ মৃত্যুক সাৱটি লোৱা দ্বিতীয়জন ব্যক্তি হৈছে অমৃত মণ্ডল ৷ বুধবাৰে নিশা সংঘটিত হৈছে এই ঘটনা ৷দ্য ডেইলী ষ্টাৰৰ মতে, ধন দাবীৰ অভিযোগত পাংছা উপ-জিলাৰ হোসেন্দংগা গাঁৱৰ ৰাইজে আক্ৰমণ কৰে অমৃত মণ্ডল নামৰ লোকজনক, যাক জনপ্ৰিয়ভাৱে সম্ৰাট বুলিও জনা যায় ।বুধবাৰে নিশা সম্ৰাট আৰু লগৰ কেইজনমানে শ্বাহিদুলৰ ঘৰলৈ ধন সংগ্ৰহ কৰিবলৈ গৈছিল । তেতিয়া পৰিয়ালৰ লোকে “চোৰ, চোৰ” বুলি চিঞৰিবলৈ ধৰাত স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ সম্ৰাটক প্ৰহাৰ কৰিবলৈ ধৰে । ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি সম্ৰাটৰ আন আন সহযোগীসকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় যদিও চেলিম অস্ত্ৰ-শস্ত্ৰৰ সৈতে ধৰা পৰে ৷ Share this:FacebookX Related Post navigation আজিৰে পৰা ৰেল টিকটৰ মূল্য বাঢ়িব দেশৰ সৰ্বোচ্চ শিশু বঁটা ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ’-ৰে সন্মানিত হৈছে বৈভৱ