সম্প্ৰতি হিংসাৰ জুইত জ্বলিছে বাংলাদেশ। জুলাই বিদ্ৰোহৰ অন্যতম নেতা শ্বৰীফ ওছমান হাদিৰ মৃত্যুৰ পিছত সমগ্ৰ দেশতে অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে। সকলোতে উত্থাপন হৈছে শ্লোগান। হাদিৰ মৃত্যুৰ পিছত দেশখন অস্থিৰ হৈ থকাৰ সময়তে বাংলাদেশত এজন হিন্দু যুৱকক প্ৰহাৰ কৰি হত্যা কৰা হয়।বিবিচি বাংলাৰ এক প্ৰতিবেদন অনুসৰি বাংলাদেশৰ মৈমনছিং জিলাত বৃহস্পতিবাৰে নিশা এজন হিন্দু যুৱকক নবীক নিন্দা কৰাৰ অভিযোগৰ পিছতে বৃহস্পতিবাৰে নিশা একাংশ লোকে প্ৰহাৰ কৰি মৃতদেহ জ্বলাই দিয়ে।যুৱকজনৰ নাম দিপু চন্দ্ৰ দাস বুলি জানিব পৰা গৈছে। জানিব পৰা মতে বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত আন্দোলনকাৰী লোকৰ দলে দিপুক ধৰি নবীক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰহাৰ কৰে। ইয়াৰ পিছতে ভিৰটোৱে মৃতদেহটো গছত বান্ধি তাৰ পিছত জুই লগাই দিয়ে।তথ্য লাভ কৰাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। Share this:FacebookX Related Post navigation অভিনয়ৰ সুযোগ দিয়াৰ নামত যুৱতীক প্ৰৱঞ্চনা! গুৱাহাটীত গ্ৰেপ্তাৰ লম্পট ৰোহিত দাস ওৰফে ইমৰান সৰকাৰ বলিউডৰ পৰা আহিছে ভাল খবৰ