চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সকলো ঠিকে থাকিলে চলিত বছৰৰ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন ৷ ইতিমধ্যে বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে নিৰ্বাচনৰ বাবে সাজু হ’বলৈ সংশ্লিষ্ট সকলো চৰকাৰী পক্ষলৈ নিৰ্দেশনা জাৰি কৰিছে ৷ দেশখনৰ আইন প্ৰয়োগ কৰ্তৃপক্ষৰ সৈতে বুধবাৰে হোৱা এখন বৈঠকৰ পিছতে মহম্মদ ইউনুছে এই নিৰ্দেশনা জাৰি কৰে ৷আগন্তুক ডিচেম্বৰৰ ভিতৰত সাধাৰণ নিৰ্বাচনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ আজিৰ বৈঠকত মুখ্য উপদেষ্টাই নিৰ্দেশ দিছে ৷ আগন্তুক নিৰ্বাচনত প্ৰায় 8 লাখ আইন বলবৎকাৰী বিষয়াক 47 হাজাৰটা ভোটগ্ৰহণ কেন্দ্ৰত নিয়োগ কৰা হ’ব ৷ এওঁলোকৰ ভিতৰত প্ৰায় 5 লাখ 70 হাজাৰ হ’ব আনছাৰ সদস্য আৰু 1 লাখ 41 হাজাৰ থাকিব আৰক্ষী ৷” Share this:FacebookX Related Post navigation ফিট ফৰ লাইফ: ফিটনেছ, ফুড, আৰু ফেমিলি বণ্ডিঙৰ ওপৰত ইয়াছমিন আৰু সোহা বিপদৰ সন্মুখীন ইলন মাস্ক