ভাৰত আৰু বাংলাদেশৰ যকৃত বিশেষজ্ঞৰ সৈতে বাংলা ভাষাত যকৃতৰ শেহতীয়া চিকিৎসা আৰু যকৃত সম্বন্ধীয় বিভিন্ন অনুশীলনৰ বিভিন্ন দিশৰ বিষয়ে বাঙালীভাষী যকৃত ৰোগীসকলক দুৱাৰমুখলৈ অনাৰ লক্ষ্যৰে বাংলা লিভাৰ ককাচ (বালিকা) নামৰ এটা নতুন সংস্থা ঘোষণা কৰা হৈছে। ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত দেওবাৰে (৯ জুন) পঞ্চম পদ্মগংগা গোমতী লিভাৰ কনফাৰেন্সত গঠন কৰা হয় এই ৫জনীয়া সমিতিখন। এই সংস্থাই বাংলাদেশ, পশ্চিম বংগ, ত্ৰিপুৰাকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা যকৃত ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ আগ্ৰহী বঙালী বিশেষজ্ঞ, যকৃত গৱেষণাৰ বাবে আগ্ৰহী বঙালী বিজ্ঞানী আৰু বঙালী সমাজকৰ্মীসকলৰ হৈ একক আৰু একত্ৰিত মঞ্চ ৰূপে কাম কৰিব। আগৰতলাৰ যকৃত বিশেষজ্ঞ অধ্যাপক ডাঃ প্ৰদীপ ভৌমিকক অধ্যক্ষ আৰু জাপানৰ যকৃত বিশেষজ্ঞ ডাঃ শ্বেখ মহম্মদ ফজল আকবৰক সাধাৰণ সম্পাদক হিচাপে লৈ ৫ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হৈছে। ৫ জনীয়া সমিতিখনৰ অন্যান্য সদস্যসকল হৈছে উপাধ্যক্ষ তথা কলিকতাৰ যকৃত বিশেষজ্ঞ ডাঃ সঞ্জয় বেনাৰ্জী, যুটীয়া সাধাৰণ সম্পাদক বংগবন্ধু শ্বেখ মুজিব চিকিৎসা বিশ্ববিদ্যালয়ৰ মুখ্য ইণ্টাৰভেনচনেল হেপাট’লজী বিভাগৰ অধ্যাপক মামুন আল মাহতাব স্বনীল আৰু কাৰ্যবাহী সদস্য ৰূপে আছে হেলাল উদ্দিন। ইয়াৰ লগতে গুৰগাঁৱৰ অধ্যাপক ড০ গুৰদাস চৌধুৰী, নতুন দিল্লীৰ অধ্যাপক ড০ প্ৰেমাছিচ কৌৰ আৰু কলকাতাৰ অধ্যাপক ড০ জ্যোতিৰ্ময় পাল হৈছে বালিকাৰ পৰামৰ্শদাতা সমিতিৰ সদস্য। বালিকাৰ দ্বাৰা আয়োজিত পঞ্চম পদ্ম গংগা গোমতী লিভাৰ কনফাৰেন্স উপলক্ষে এক বাৰ্তাত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সন্মিলনৰ সফলতা কামনা কৰি বাঙালী যকৃত বিশেষজ্ঞসকলৰ মাজত পাৰস্পৰিক যোগাযোগ আৰু বৈজ্ঞানিক সহযোগিতা বৃদ্ধিত এই সন্মিলনে এক ফলপ্ৰসূ আৰু সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিব বুলি আশা ব্যক্ত কৰে। Share this:FacebookX Related Post navigation ব্যতিক্ৰম শিক্ষা সন্মিলনে সীমা অতিক্ৰমি পথ প্ৰদৰ্শন কৰিছে শৈক্ষিক সহযোগিতাৰ টাটা মটৰ্ছে আগবঢ়াইছে এলট্ৰ’জ ৰেচাৰ