বিনিয়োগকাৰী আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ (এমএফডি)ক ভালদৰে সেৱা আগবঢ়োৱাত সহায়ক হোৱাকৈ গুৱাহাটীত বন্ধন এএমচি লিমিটেডে নতুন শাখা কাৰ্যালয় মুকলি কৰিছে। নতুন শাখা কাৰ্যালয়টোৰ ঠিকনা হৈছে প্ৰথম মহলা, গণপতি এনক্লেভ, বৰা চাৰ্ভিছ, উলুবাৰী, গুৱাহাটী, ৭৮১০০৭। নতুন শাখা কাৰ্যালয়টোত গুৱাহাটীত সম্পূৰ্ণ সুসজ্জিত সভা-সম-প্ৰশিক্ষণ কক্ষৰ ব্যৱস্থা কৰা হৈছে, যাৰ লক্ষ্য হৈছে মহানগৰীত গ্ৰাহক সেৱা আৰু বিনিয়োগকাৰী সজাগতাৰ কাম-কাজ বৃদ্ধি কৰা।

বন্ধন এএমচিৰ মুখ্য ব্যৱসায়িক বিষয়া গৌৰব পৰিজা আৰু বন্ধন গ্ৰুপৰ প্ৰতিষ্ঠাপক চন্দ্ৰ শেখৰ ঘোষে নতুন শাখা মুকলিৰ সন্দৰ্ভত কয় যে, “গুৱাহাটী আমাৰ বাবে এক উচ্চ-বিকাশশীল বজাৰ হৈ আহিছে আৰু আমি বহু বছৰ ধৰি আমাৰ অংশীদাৰ আৰু বিনিয়োগকাৰীসকলৰ পৰা শক্তিশালী সঁহাৰি আৰু সমৰ্থন লাভ কৰি আনন্দিত হৈছোঁ। আমাৰ নতুন কাৰ্যালয়ে এই গুৰুত্বপূৰ্ণ বজাৰত আমাৰ প্ৰতিশ্ৰুতি আৰু উপস্থিতিক অধিক শক্তিশালী কৰে আৰু আমি নিশ্চিত যে, গুৱাহাটীৰ আমাৰ দল আৰু অংশীদাৰসকলে ইয়াক বিত্তীয় সজাগতা বৃদ্ধি কৰিবলৈ, মিউচুৱেল ফাণ্ডৰ প্ৰতি অধিক আগ্ৰহ সৃষ্টি কৰিবলৈ আৰু আমাৰ গ্ৰাহকসকলক উন্নত সেৱা প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰিব।”

২০০০ চনত প্ৰতিষ্ঠিত বন্ধন এএমচি লিমিটেডে সঞ্চয়কাৰীসকলক বিনিয়োগকাৰী আৰু সম্পদ সৃষ্টিৰ বাবেসহায় কৰাত মনোনিৱেশ কৰিছে। বন্ধন এএমচি লিমিটেডে নিজৰ বিনিয়োগকাৰীসকলক মিউচুৱেল ফাণ্ড, বিকল্প আৰু পৰ্টফলিঅ’ মেনেজমেণ্ট চাৰ্ভিচেছ(পিএমএছ)ৰ মাজেৰে বিচক্ষণতাৰে প্ৰস্তুত কৰা বিনিয়োগ সামগ্ৰীৰ দ্বাৰা সেৱা আগবঢ়ায়, যি পণ্যৰ সুনিৰ্দিষ্ট লক্ষ্যৰ সৈতে সামঞ্জস্যপূৰ্ণ প্ৰদৰ্শন প্ৰদান কৰাৰ লক্ষ্যৰে এক অভিজ্ঞ বিনিয়োগ দলৰ দ্বাৰা পৰিচালিত হয়। ১০০তকৈও অধিক চহৰত অন গ্ৰাউণ্ড উপস্থিতি, ফাণ্ড হাউছে দেশৰ ৭৯০তকৈও অধিক চহৰ আৰু নগৰৰ বিনিয়োগকাৰীক সেৱা আগবঢ়ায়, যিয়ে প্ৰতিষ্ঠান, কৰ্পৰেট, পৰিয়াল কাৰ্যালয় আৰু ব্যক্তিগত ক্লায়েণ্টক প্ৰতিনিধিত্বৰে প্ৰায় চাৰে তিনি মিলিয়নতকৈ অধিক লোকক সেৱা আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *