বন্ধন গ্ৰুপ(বন্ধন ফাইনেন্সিয়েল চাৰ্ভিচেছ লিমিটেডে)-এ আজি গ্লোবেল তথ্যপ্ৰযুক্তি আৰু ব্যৱসায় প্ৰক্ৰিয়া সেৱা আগবঢ়োৱা প্ৰতিষ্ঠান জেনিচিছ গ্ৰুপক অধিগ্ৰহণ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। এই অধিগ্ৰহণৰ জৰিয়তে বন্ধন গ্ৰুপৰ প্ৰযুক্তি খণ্ডত কৌশলগত প্ৰৱেশ আৰম্ভ হ’ল। এই অধিগ্ৰহণৰ ফলত বন্ধন গ্ৰুপে আমেৰিকা, ব্ৰিটেইন আৰু ভাৰতত নতুন কাৰ্যালয়ৰ সৈতে নিজৰ বিশ্বব্যাপী স্থান সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত এই বজাৰসমূহত বন্ধন গ্ৰুপৰ উপস্থিতি যথেষ্ট বৃদ্ধি পাব। জেনিচিছ গ্ৰুপৰ অফাৰসমূহ একত্ৰিত কৰি বন্ধন গ্ৰুপে নিজৰ পৰ্টফলিঅ’ত ডিজিটেল ৰূপান্তৰ, ডাটা বিশ্লেষণ, ক্লাউড সেৱা, ডিজিটেল মিডিয়া অপাৰেচন আৰু বিশ্বজুৰি বিভিন্ন উদ্যোগত স্মাৰ্ট ব্যৱসায়িক প্ৰক্ৰিয়া সমাধানকে ধৰি সমাধানৰ এক সংহত পৰ্টফলিঅ’ সংযোজন কৰিব। এই অধিগ্ৰহণৰ গুৰুত্বৰ বিষয়ে নিজৰ মন্তব্য প্ৰকাশ কৰি বন্ধন বিত্তীয় সেৱাৰ পৰিচালন সঞ্চালক অৰবিন্দ আগৰৱালে কয় যে, “ডিজিটেল ৰূপান্তৰৰ দ্বাৰা পৰিচালিত বিভিন্ন গ্লবেল প্ৰত্যাহ্বানসমূহ—হাইপাৰ-অটোমেচন, কৃত্ৰিম বুদ্ধিমত্তা, ক্লাউড কম্পিউটিং আৰু অন্যান্য অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে তথ্যপ্ৰযুক্তি উদ্যোগক নতুন ৰূপ দিছে।” আনহাতে, জেনিছিছ গ্ৰুপৰ চিইঅ’ সতীশ সুব্ৰমণিয়ামে এই অধিগ্ৰহণৰ বিষয়ে নিজৰ অভিমত ব্যক্ত কৰি কয় যে, “বন্ধন গ্ৰুপৰ সৈতে যোগ দিবলৈ পাই আমি অতিশয় আনন্দিত হৈছোঁ।” উদ্ভাৱন, দায়বদ্ধতা আৰু স্বচ্ছতাৰ প্ৰতি অটল প্ৰতিশ্ৰুতিৰ দ্বাৰা পৰিচালিত হৈ জেনিচিছে ভৱিষ্যতৰ বাবে সাজু সমাধান প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে আৰু বিশ্বব্যাপী থকা গ্ৰাহকসকলৰ বাবে সঠিক মূল্য প্ৰদান কৰা স্থায়ী অংশীদাৰিত্ব স্থাপন কৰাৰ লক্ষ্য ৰাখিছে। Share this:FacebookX Related Post navigation নিউ টাটা টি গোল্ড ভিটাকেয়াৰে শক্তি আৰু মংগল বৃদ্ধিৰ বাবে প্ৰয়োজনীয় ভিটামিন ডি, বি৬, বি৯, আৰু বি১২ প্ৰদান কৰে এমজি উইণ্ডচাৰে অক্টোবৰৰ অভিলেখ বিক্ৰীৰ সৈতে বৈদ্যুতিক গাড়ীৰ বজাৰত নেতৃত্ব দিয়ে