বাজাজ ফিনচাৰ্ভ এএমচিয়ে স্বাস্থ্য আৰু সুস্থতা সম্বন্ধীয় খণ্ডত বিনিয়োগ কৰি দীৰ্ঘম্যাদী বৃদ্ধি সূচনা কৰিব বিচৰা মুক্ত ইকুইটি আঁচনি বাজাজ ফিনচাৰ্ভ হেল্থকেয়াৰ ফাণ্ড মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ৬ ডিচেম্বৰত গ্ৰাহকৰ বাবে মুকলি হোৱা এই নতুন পুঁজি অফাৰ অহা ২০ ডিচেম্বৰত সমাপ্ত হ’ব। প্ৰধানকৈ ফাৰ্মাচিউটিকেল, হাস্পতাল, ৰোগ নিৰ্ণয় আৰু সুস্থতাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ ইকুইটি আৰু ইকুইটি সম্পৰ্কীয় আহিলাসমূহত বিনিয়োগ কৰি দীৰ্ঘম্যাদীভাৱে সম্পদ সৃষ্টিৰ সম্ভাৱনা বিচৰা বিনিয়োগকাৰীসকলৰ বাবে বাজাজ ফিনছাৰ্ভ হেলথকেয়াৰ ফাণ্ড উপযুক্ত। এই পুঁজি পাঁচ বছৰ বা তাতকৈ অধিক সময়ৰ বিনিয়োগৰ বাবে উপযুক্ত। এই আঁচনিখন বিএছই হেল্থকেয়াৰ টোটেল ৰিটাৰ্ণ ইণ্ডেক্স(টিআৰআই)ৰ বিপৰীতে মানদণ্ড নিৰ্ধাৰণ কৰা হৈছে। এই আঁচনিখনে বিএছই হেল্থকেয়াৰ টোটেল ৰিটাৰ্ণ ইণ্ডেক্স(টিআৰআই)ৰ অংশ হিচাপে গঠন কৰা খণ্ডসমূহৰ অন্তৰ্গত কোম্পানীসমূহত কমেও ৮০% বিনিয়োগ কৰিব। বাজাজ ফিনচাৰ্ভ এএমচিৰ মুখ্য কাৰ্যবাহী বিষয়া গণেশ মোহনে এই বিষয়ে কয় যে, “বাজাজ ফিনচাৰ্ভ হেল্থকেয়াৰ ফাণ্ড হৈছে বিনিয়োগকাৰীসকলৰ বাবে স্বাস্থ্যসেৱা আৰু সুস্থতাৰ স্থানত শক্তিশালী বিকাশৰ সুবিধা লোৱাৰ এক কৌশলগত পথ।” স্বাস্থ্যসেৱা পুঁজিৰ বিষয়ে ক’বলৈ গৈ বাজাজ ফিনচাৰ্ভ এএমচিৰ চিআইঅ’ নিমেশ চন্দনে কয় যে, “স্বাস্থ্যসেৱা খণ্ডই দীৰ্ঘম্যাদী সম্পদ সৃষ্টিৰ বাবে অপৰিসীম সুযোগ আৰু সম্ভাৱনা প্ৰদান কৰে।” Share this:FacebookX Related Post navigation গ্ৰাহকৰ অভিজ্ঞতা বৃদ্ধি কৰিবলৈ নিচানে চেন্নাইত অত্যাধুনিক প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰিছে সপোন পূৰণত বাধা মাজুলীবাসীৰ