বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে দোপতদোপে ব্যৱসায়ত উন্নতি কৰি ২০২৫ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত ইতিবাচক প্ৰদৰ্শন কৰিলৈ সক্ষম হৈছে, ব্যক্তিগত ৰেটপ্ৰাপ্ত নতুন ব্যৱসায় (আই আৰ এন বি)ত ৩৪% উল্লেখযোগ্য বৃদ্ধিৰে ২৪ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত অৰ্জন কৰা ১,৪১৫ কোটি টকাৰ তুলনাত ২৫ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত ১,৮৯৫ কোটি টকাত উপনীত হৈছেগৈ। বাজাজ এলিয়াঞ্জ লাইফৰ গ্ৰছ ৰিটেন প্ৰিমিয়াম (জিডব্লিউপি) আকৰ্ষণীয় ২৩% বৃদ্ধি পাইছে, ২৪ বিত্তীয় বৰ্ষত ৫,৩৩৮ কোটি টকাৰ পৰা ২৫ বিত্তীয় বৰ্ষত ৬,৫৪৪ কোটি টকালৈ বৃদ্ধি পাইছে, যিয়ে বীমা খণ্ডত শক্তিশালী প্ৰদৰ্শন আকৌ এবাৰ প্ৰমাণ কৰিলে। কোম্পানীটোৱে লগতে প্ৰকাশ কৰে যে, ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰলৈকে পৰিচালনা কৰি থকা এছেট আণ্ডাৰ মেনেজমেণ্ট বা চমুকৈ এইউএমৰ পৰিমাণ ২৫% বৃদ্ধি পাই ১,২৩,১৭৮ কোটি হৈছে। বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সৰ ব্যক্তিগত খণ্ডৰ বজাৰ অংশীদাৰিত্ব ৮.৯% আৰু সামগ্ৰিকভাৱে উদ্যোগৰ অংশীদাৰিত্ব ৬.১% লৈ বৃদ্ধি পাইছে। এই বৃদ্ধিয়ে কোম্পানীটোৰ বিতৰণ চেনেলসমূহৰ শক্তিশালী প্ৰদৰ্শন প্ৰতিফলিত কৰিছে, যিয়ে সমগ্ৰ দেশৰ বিভিন্ন বজাৰত বীমা সজাগতা আৰু বিনিয়োগক আগুৱাই নিয়াত অহৰহ মনোনিৱেশ কৰি আছে। গুৱাহাটীৰ লগতে সমগ্ৰ অসমত বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে গ্ৰাহকৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণৰ বাবে নিজৰ প্ৰডাক্ট পৰ্টফলিঅ’ শক্তিশালী কৰাৰ লগতে নিজৰ স্থান সম্প্ৰসাৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। মুঠ ৫৬২টা শাখা আৰু ১.৫৯ লাখ এজেণ্টকে ধৰি কোম্পানীটোৰ শক্তিশালী বিতৰণ নেটৱৰ্কে অসমৰ নগৰ আৰু গ্ৰাম্য দুয়োটা খণ্ডতে নিজৰ সৰ্বোত্তম সেৱাৰে সামগ্ৰিক বৃদ্ধিত অৰিহণা যোগাইছে। ডিজিটেল প্লেটফৰ্মৰ সম্প্ৰসাৰণে উত্তৰ-পূবত কোম্পানীটোৰ উপস্থিতি আৰু অধিক শক্তিশালী কৰিব, যাৰ ফলত অধিক সুলভতা আৰু গ্ৰাহকৰ সংযোগ নিশ্চিত হ’ব। Share this:FacebookX Related Post navigation বিশ্ব ডায়েবেটিচ দিৱস: ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিবলৈ আপোনাৰ দৈনিক আহাৰত এমুঠি কাঠবাদাম অন্তৰ্ভুক্ত কৰক মন্ত্ৰী জয়ন্ত চৌধুৰী আৰু এমএছডিই সচিবে দক্ষতা বিকাশ শক্তিশালী কৰিবলৈ মিডিয়া আৰু মনোৰঞ্জন দক্ষতা পৰিষদৰ সৈতে সাক্ষাৎ কৰে