মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্যক লৈ এতিয়া দিল্লীৰ পৰা গুৱাহাটীলৈ তীব্ৰতৰ হৈছে আইনী যুঁজ। তেলেংগানা উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা পৱন খেৰাক প্ৰদান কৰা এসপ্তাহৰ ট্ৰেনজিট অগ্ৰিম জামিনৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই দেওবাৰে সৰ্বোচ্চ আদালতৰ দ্বাৰস্থ হয় অসম চৰকাৰ। অধিবক্তা শুভদীপ ৰয়ৰ জৰিয়তে দাখিল কৰা এই আবেদনখন চলিত সপ্তাহতে শুনানি হোৱাৰ সম্ভাৱনা আছে। যোৱা ৫ এপ্ৰিলত এক সংবাদমেলত পৱন খেৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে একাধিক পাছপ’ৰ্ট আৰু বিদেশত অঘোষিত সম্পত্তি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। নিৰ্বাচনী শপতনামাত এই তথ্য লুকুওৱাৰ অভিযোগ তুলি খেৰাই কৰা মন্তব্যৰ পাছতেই গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত তেওঁৰ বিৰুদ্ধে প্ৰতাৰণা আৰু মিছা তথ্য বিয়পোৱাৰ গোচৰ ৰুজু হয়। গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ খেৰাই যোৱা ৭ এপ্ৰিলত তেলেংগানা উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ১০ এপ্ৰিলত আদালতে তেওঁক ব্যক্তিগত এক লাখ টকাৰ বণ্ডৰ বিনিময়ত এসপ্তাহৰ বাবে অন্তৱৰ্তীকালীন সকাহ প্ৰদান কৰে। অৱশ্যে উচ্চ ন্যায়ালয়ে চৰ্ত আৰোপ কৰে যে এই সময়ছোৱাত তেওঁ তদন্তত সম্পূৰ্ণ সহযোগিতা কৰিব লাগিব আৰু বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। লগতে এজন ৰাজহুৱা ব্যক্তি হিচাপে তেওঁক এই গোচৰ সন্দৰ্ভত কোনো ধৰণৰ ৰাজহুৱা মন্তব্য নকৰিবলৈও নিৰ্দেশ দিয়ে আদালতে। অসম চৰকাৰে এতিয়া এই জামিনৰ বিৰোধিতা কৰি বিষয়টো উচ্চতম ন্যায়ালয়লৈ লৈ গৈছে। চৰকাৰৰ মতে এজন দায়িত্বশীল পদত থকা ব্যক্তিৰ পৰিয়ালৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰি নিৰ্বাচনী পৰিৱেশ বিনষ্ট কৰাটো এক গুৰুতৰ অপৰাধ। ক্ৰাইম ব্ৰাঞ্চে বি এন এছৰ ধাৰা ১৭৫ আৰু ৩১৮ ৰ অধীনত ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে। সৰ্বোচ্চ আদালতে এতিয়া কংগ্ৰেছ নেতাগৰাকীৰ জামিন বাহাল ৰাখে নে খাৰিজ কৰে, তাৰ ওপৰতে নিৰ্ভৰ কৰিছে পৱন খেৰাৰ পৰৱৰ্তী ভাগ্য। Share this:FacebookX Related Post navigation প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি; পশ্চিমবংগত বিজেপি চৰকাৰ আহিলে কাৰ্যকৰী হ’ব অভিন্ন দেৱানী বিধি