পূৰ্বে মেক্স লাইফ ইঞ্চুৰেন্স নামেৰে পৰিচিত এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স লিমিটেডে আনুষ্ঠানিকভাৱে নিজৰ ৰিব্ৰেণ্ড উন্মোচন কৰিছে, এই ন ৰূপত সজাই তোলাটোৱে প্ৰতিষ্ঠানটোৰ সমৃদ্ধিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ ৰূপে চিহ্নিত হৈছে। কৰ্পৰেট নামত ‘এক্সিছ’ অন্তৰ্ভুক্ত হোৱাৰ লগে লগে প্ৰতিষ্ঠানটোৱে জীৱন বীমা আৰু বিত্তীয় সেৱা খণ্ডত নিজৰ উপস্থিতি বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। ৰিব্ৰেণ্ডিঙে এটা সতেজ ল’গ’ মুকলি কৰিছে, য’ত এক্সিছৰ আইকনিক ‘এ’ক আধুনিক বুৰ্গাণ্ডী ৰঙৰ সৈতে সংযুক্ত কৰি আকৰ্ষণীয় ৰূপত উপস্থাপন কৰা হৈছে, যি হৈছে আস্থা, দায়িত্ব আৰু আগন্তুক চিন্তাধাৰাৰ প্ৰতীক। এই নতুন পৰিচয়ে প্ৰতিষ্ঠানটোৰ “ডাবল ভৰসা” (ডাবল ট্ৰাষ্ট)ৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে, যাক টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা আৰু সহধৰ্মিনী ঋতিকা সাজদেহৰ সৈতে এক একত্ৰিত বিপণন অভিযানৰ জৰিয়তে প্ৰচাৰ কৰা হৈছে।এক্সিছ মেক্স লাইফৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া প্ৰশান্ত ত্ৰিপাঠীয়ে এই কথা সদৰি কৰি উল্লেখ কৰে যে, এই ৰিব্ৰেণ্ডে দেশৰ মেট্ৰ’ আৰু টায়াৰ-১ চহৰৰ বাহিৰলৈও সম্প্ৰসাৰিত হোৱাৰ প্ৰতিষ্ঠানটোৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে, যাৰ ভিতৰত আছে টায়াৰ ২ চহৰবোৰত লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপ। এক্সিছ মেক্স লাইফৰ বৰ্ধিত প্ৰসাৰ আৰু গ্ৰাহকৰ ব্যস্ততা বৃদ্ধিৰ ফলত অসমৰ গ্ৰাহকসকলো লাভান্বিত হ’বলৈ সাজু হৈছে। ৯০টাতকৈও অধিক নতুন কাৰ্যালয় সম্প্ৰসাৰণ আৰু ৪১টা নতুন বিতৰণ অংশীদাৰক সংযোগে অঞ্চলটোত নিজৰ পদচিহ্ন শক্তিশালী কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত আৱাসীসকলক বিশ্বাসযোগ্য বিত্তীয় সমাধানৰ ক্ষেত্ৰত অধিক প্ৰৱেশাধিকাৰ প্ৰদান কৰা হ’ব।এক্সিছ বেংকৰ উপ-পৰিচালন সঞ্চালক ৰাজীৱ আনন্দে এই বিষয়ে গুৰুত্ব আৰোপ কৰি কয় যে, এই ৰিব্ৰেণ্ডে সমগ্ৰ ভাৰতৰ লাখ লাখ লোকৰ বাবে এক উজ্বল বিত্তীয় ভৱিষ্যত সুৰক্ষিত কৰাৰ লক্ষ্যৰে এক গভীৰ সহযোগিতা প্ৰতিনিধিত্ব কৰিছে। Share this:FacebookX Related Post navigation নিছান ইণ্ডিয়াৰ ৰপ্তানি ৭২% বৃদ্ধি, ৬৫খন দেশলৈ ফুটপ্ৰিণ্ট সম্প্ৰসাৰণ নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰা এজনক আটক