বিশিষ্ট সাহিত্যিক চফিউৰ ৰহমান শইকীয়াৰ তিনিখন গ্রন্থ অলপতে উন্মোচন হয়। বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত উপায়ুক্ত তবিউল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত গ্রন্থ উন্মোচনী সভাত পাৰা প্রকাশনৰ দ্বাৰা প্রকাশিত গ্রন্থ ‘কোৰানৰ গল্প’ উন্মোচন কৰে বিশিষ্ট লেখক তথা সংগীত শিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে। ইয়াৰ বিপৰীতে ৰুমীৰ গল্প’ উন্মোচন কৰে বিশিষ্ট বিজ্ঞানী তথা বিজ্ঞান লেখক ডঃ কুলেন্দু পাঠক আৰু ‘বিভিন্ন প্রসংগঃ দেশ কাল মানুহ’ নামৰ গ্ৰন্থখনি উন্মোচন কৰে প্ৰবীণ সাংবাদিক, চিন্তাবিদ তথা লেখক হাইদৰ হুছেইনে। ভালেসংখ্যক গণ্য-মান্য লোকে অংশগ্রহণ কৰা এই গ্রন্থ উন্মোচনী সভাত কেউগৰাকী উন্মোচকে চফিউৰ ৰহমান শইকীয়াৰ উন্মোচিত গ্রন্থ তিনিখনৰ সম্পৰ্কত নাতিদীর্ঘ বক্তব্য ৰাখে। সভাত লেখকগৰাকীয়েও চমু বক্তব্য আগবঢ়ায়। Share this:FacebookX Related Post navigation গুৱাহাটী অসম গ্ৰন্থমেলাত ১০ দিনত ৫কোটি ৮০লাখ টকাৰ গ্ৰন্থ বিক্ৰী বাংলাদেশী অনুপ্ৰৱেশকাৰীক নিযুক্তি নিদিবলৈ উদ্যোগপতিসকলক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ