দেশৰ সামৰিক বাহিনীৰ পৰাক্ৰমক লৈ প্ৰশ্ন তুলি এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা পৃথ্বীৰাজ চৌহান। শেহতীয়া ‘অপাৰেচন সেন্দূৰ’ত ভাৰতৰ পৰাজয় হৈছিল বুলি মন্তব্য কৰি চৌহানে সমগ্ৰ দেশতে এক বিতৰ্কৰ সৃষ্টি কৰিছে। মঙলবাৰে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, “মই ক্ষমা কিয় খুজিম? ক্ষমা খোজাৰ প্ৰশ্নই নুঠে। সংবিধানত মোক প্ৰশ্ন সোধাৰ সম্পূৰ্ণ অধিকাৰ দিয়া হৈছে।”

পূৰ্বে চৌহানে দাবী কৰিছিল যে চাৰিদিনীয়া এই সংঘৰ্ষৰ প্ৰথম দিনটোতে ভাৰত সম্পূৰ্ণৰূপে পৰাস্ত হৈছিল আৰু ভাৰতীয় বিমান ভূপাতিত কৰা হৈছিল। তেওঁ আনকি ১২ লাখ জোৱানৰ বিশাল সেনাবাহিনীৰ প্ৰাসংগিকতাক লৈও প্ৰশ্ন তুলি কয় যে ভৱিষ্যতে যুদ্ধ কেৱল আকাশমাৰ্গ আৰু মিছাইলৰ জৰিয়তেহে হ’ব, গতিকে ইমান বৃহৎ বাহিনীক অন্য কামত লগাব পৰা যায় নেকি সেয়া চিন্তা কৰাৰ থল আছে।

কংগ্ৰেছ নেতাগৰাকীৰ এই মন্তব্যক লৈ জাঙুৰ খাই উঠিছে বিজেপি। বিজেপিৰ সাংসদ ব্ৰীজ লালে অভিযোগ কৰিছে যে কংগ্ৰেছ সদায় পাকিস্তানৰ পক্ষত থাকে আৰু ৰাহুল গান্ধীৰ দৰে নেতাই বিদেশলৈ গৈ দেশক অপমান কৰে। আনহাতে, বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ চি আৰ কেশৱনে চৌহানক “তৃতীয় শ্ৰেণীৰ পাকিস্তানী মুখপাত্ৰ”ৰ সৈতে তুলনা কৰিছে। কেশৱনে প্ৰশ্ন কৰে যে ছোনীয়া গান্ধী বা ৰাহুল গান্ধীয়ে কিয় এতিয়ালৈকে চৌহানৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই?

উল্লেখ্য যে যোৱা ৭ মে’ত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতে ‘অপাৰেচন সেন্দূৰ’ আৰম্ভ কৰিছিল। ভাৰতীয় সেনাই দাবী কৰিছে যে মাত্ৰ ২৩ মিনিটত ৰাফেল বিমান আৰু অত্যাধুনিক মিছাইল ব্যৱহাৰ কৰি ১০০ৰো অধিক সন্ত্ৰাসবাদীক নিহত কৰা হৈছিল। এতিয়া সেই বিজয়ৰ দাবীক প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটিয়াকৈ অস্বীকাৰ কৰাত ৰাজনৈতিক বতাহ অধিক উত্তপ্ত হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *