বাংলাদেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হিংসাত্মক ঘটনাত কমেও ৩৯ জন লোক নিহত হৈছে। এতিয়ালৈকে আসন সংৰক্ষণৰ বিৰুদ্ধে চুবুৰীয়া দেশখনত আন্দোলন অব্যাহত আছে। ইয়াৰ উপৰিও শ শ লোক আহত হৈছে। আন্দোলন আৰু হিংসা নিৰন্তৰভাৱে বাঢ়িছে। প্ৰতিবাদকাৰীসকলে বহু ঠাইত আৰক্ষী বাহিনীৰ সৈতে হোৱা হিংসাত্মক সংঘৰ্ষত মুখামুখি হৈছে।

দেশৰ বহু ঠাইত ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে।প্ৰতিবাদকাৰীসকলে দাবী কৰে যে চৰকাৰী চাকৰিত চলি অহা আসন সংৰক্ষণৰ ব্যৱস্থা বাতিল হ’ব লাগে। বাংলাদেশত যিসকলে ১৯৭১ চনত পাকিস্তানৰ পৰা স্বাধীনতাযুদ্ধত জপিয়াই পৰিছিল তেওঁলোকক দেশখনত স্বাধীনতা যোদ্ধা বুলি কোৱা হয়।

দেশৰ এক-তৃতীয়াংশ চৰকাৰী চাকৰি তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষিত। এই ব্যৱস্থা বাতিলৰ দাবীৰে শিক্ষাৰ্থীসকলে আন্দোলন অব্যাহত ৰাখিছে। শিক্ষাৰ্থীসকলে কয় যে সংৰক্ষণৰ এই প্ৰণালীটো বৈষম্যমূলক, যাৰ পৰিৱৰ্তে যোগ্যতাৰ ওপৰত ভিত্তি কৰি চাকৰি দিয়া উচিত।

Leave a Reply

Your email address will not be published. Required fields are marked *