অৱতৰণৰ সময়তে আকাশৰ পৰা খহি পৰিল এখন বায়ুসেনাৰ বিমান! এইবাৰ বলিভিয়াৰ এল অল্টো চহৰৰ আকাশত প্ৰতিধ্বনিত হ’ল মৃত্যুৰ কিৰিলি। বলিভিয়ান বায়ুসেনাৰ চি-১৩০ হাৰকিউলিছ বিমানখন ৰানৱে’ৰ পৰা পিছলি গৈ ওচৰৰ কেইবাখনো বাহনক মহতিয়াই নিয়াৰ ফলত ১৫ গৰাকী লোকৰ কৰুণ মৃত্যু হোৱাৰ লগতে ৩১ জন লোক গুৰুতৰভাৱে আহত হয়।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, কেন্দ্ৰীয় বেংকৰ বাবে বৃহৎ পৰিমাণৰ ধন কঢ়িয়াই অনা বিমানখন ছাণ্টা ক্ৰুজৰ পৰা এল অল্টো অভিমুখে আহি আছিল। দুৰ্ঘটনাৰ পাছতে নোটসমূহ ৰাজপথত ছিটিকি পৰাত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়। একাংশ লোকে উদ্ধাৰ অভিযানত সহায় কৰাৰ পৰিৱৰ্তে ধন লুট কৰিবলৈ হেতা-ওপৰা লগোৱাত আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰিবলগীয়া হয়।

এই সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয়, “বিমানখনৰ পৰা টকা ল’বলৈ চেষ্টা কৰাসকলক স্পষ্টকৈ জনাব বিচাৰো যে এই নোটসমূহৰ কোনো বৈধ মূল্য নাই। এই টকা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰাটো এটা অপৰাধ’।” ইফালে, বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদকৰ্মীসকলকো লুণ্ঠনকাৰীয়ে আক্ৰমণ কৰি আহত কৰাৰ খবৰ পোৱা গৈছে।

প্ৰচণ্ড শিলাবৃষ্টি আৰু বিজুলী-ঢেৰেকনিৰ মাজতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় বুলি ধাৰণা কৰা হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে আহতসকলৰ বাবে জৰুৰীভাৱে তেজ দান কৰিবলৈ ৰাইজক আহ্বান জনাইছে। বৰ্তমান লুণ্ঠনৰ অভিযোগত কেইবাজনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু বিমানবন্দৰটো সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *