ফ্ৰান্সৰ লিয়নত অনুষ্ঠিত ৱৰ্ল্ডস্কিলছ ২০২৪ত বিউটি থেৰাপী শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমৰ মান উজলাইছে প্ৰীতিশা বৰ্মনে। ইণ্ডিয়াস্কিলছ ২০২২ৰ ফাইনেলিষ্ট প্ৰীতিশা বৰ্মনে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ ৱাইল্ডকাৰ্ড এণ্ট্ৰিৰ সুবিধা লাভ কৰিছে। প্ৰীতিশাৰ অংশগ্ৰহণে দক্ষতা বিকাশৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ দিশত অসমৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু প্ৰতিভা পুনবৰবাৰ প্ৰমাণ কৰিলে। লগতে সৌন্দৰ্য চিকিৎসাৰ উচ্চ মানদণ্ডৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাৰ দিশটো ইতিবাচক ৰূপত উদ্ভাসিত হৈছে। ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগিতালৈ বিশ্বৰ ভিতৰতে চতুৰ্থ বৃহত্তম দল প্ৰেৰণ কৰিছে, টীম ইণ্ডিয়াই মুঠ ৫২টা শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছে। বহনক্ষমতা আৰু আত্মবিশ্বাস ধৰি ৰাখি প্ৰীতিশা বৰ্মনৰ এই যাত্ৰাই স্ব-প্ৰতিভাক আগুৱাই নিয়া আৰু দক্ষতা বিকাশৰ উন্নতিৰ প্ৰতি দায়বদ্ধতাও প্ৰতিফলিত কৰিছে। দক্ষতা বিকাশ তথা উদ্যমিতা বিভাগৰ কেন্দ্ৰীয় স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰী আৰু এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে উচ্চ প্ৰশংসা কৰিছে টীম ভাৰতক। ভাৰতীয় প্ৰতিযোগীসকলৰ প্ৰদৰ্শন দেশক দক্ষতাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে। প্ৰীতিশা বৰ্মনৰ অংশগ্ৰহণক লৈ সমগ্ৰ অসমত যথেষ্ট ইতিবাচক প্ৰভাৱ পৰিব। বিভিন্ন বৰ্গৰ লোক আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহে প্ৰীতিশাক অমল শুভকামনা জনাইছে, লগতে প্ৰীতিশাৰ সফলতাই অঞ্চলটোলৈ সম্ভাৱনা আৰু অধিক শক্তিশালী কৰি দক্ষতা বিকাশ কাৰ্যসূচীসমূহত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। এই জনসমৰ্থনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দক্ষতা প্ৰাপ্তিৰ ক্ষেত্ৰত অৰিহণা যোগোৱাত বৰ্ধিত ভূমিকাৰ ওপৰত আলোকপাত কৰা হৈছে। Share this:FacebookX Related Post navigation এছবিআই জেনেৰেল আৰু মাৰুতি চুজুকি বীমা ব্ৰোকিংয়ে মেঘালয়ত বীমা সজাগতা বৃদ্ধি কৰে ভাৰতৰ যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰিছে ৱৰ্ল্ডস্কিলছ ২০২৪ত প্ৰতিযোগিতাত, মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে অংশ লৈ উৎসাহ যোগাইছে প্ৰতিযোগীক